ETV Bharat / state

বিজেপিলৈ যোৱাৰ প্ৰসংগ একেমুখে নাকচ মন্ত্ৰী ৰিহণ দৈমাৰীৰ - বিটিচিত ব্যাপক চৰ্চা

বিপিএফৰ দল, ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰিহণ দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বুলি বিটিচিত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ শনিবাৰে ওদালগুৰিত সাংবাদিকৰ আগত এই কথা অস্বীকাৰ কৰে মন্ত্ৰী জনে ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘মই বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে’ বুলি মন্তব্য কৰে মন্ত্ৰী দৈমাৰীয়ে ৷

মই বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে:মন্ত্ৰী ৰিহণ দৈমাৰী

author img

By

Published : May 17, 2020, 1:40 PM IST

ওদালগুৰি, 17 মে’: অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা বিপিএফৰ দলৰ শক্তিশালী নেতা ৰিহণ দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বুলি বিটিচিত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে বিজেপিত যোগদান কৰা কথা অস্বীকাৰ কৰে । শনিবাৰে ওদালগুৰিত সাংবাদিকৰ আগত নিজৰ মতামত দাঙি ধৰি তেওঁ এই সমগ্ৰ ঘটনাক নস্যাৎ কৰি কয় যে, তেওঁ যিহেতু বৰ্তমান ওদালগুৰি জিলাৰ বিপিএফ দলৰ সভাপতি, গতিকে তেওঁ বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ লগতে তেওঁৰ এনেকুৱা কোনো ধৰণৰ পৰিকল্পনা নাই বুলি জানিবলৈ দিয়ে ৷

আনহাতে মন্ত্ৰী ৰিহণ দৈমাৰীৰ সৈতে বিপিএফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব বুলি বিটিচিত চৰ্চা লাভ কৰিছিল । ইয়াৰ পিছতে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল বিটিচিৰ ৰাজনীতিত । বিশেষকৈ মন্ত্ৰী ৰিহণ দৈমাৰী বিজেপিত যোগদান কৰিলে বিটিচিত হাগ্ৰামা মহিলাৰী প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি চৰ্চা চৰ্চিত ৰাইজৰ মাজত ৷ কিয়নো ২০১৫ চনত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক পুনৰ শাসনলৈ অনাত অন্যতম ভূমিকা পালন কৰিছিল ৰিহণ দৈমাৰীয়ে ।

মই বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে:মন্ত্ৰী ৰিহণ দৈমাৰী

উল্লেখ্য যে, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাত বিপিএফ দলে প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বেছি সংখ্যক আসন হেৰুৱাৰ পিছতো মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ জিলা ওদালগুৰিত থকা ১০ খন আসনৰ ভিতৰত ৯ খন আসনতে জয়ী হৈছিল বিপিএফ দলে । মন্ত্ৰী দৈমাৰীৰ দৰে প্ৰভাৱশালী নেতা এজনে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে বিটিচিত ধুমুহাৰ সৃষ্টি হ'ব বুলি আশংকা প্ৰকাশ কৰিছিল ৰাজনৈতিক মহলে ৷

লগতে পঢ়ক : নতুনকৈ নিলাম হ'ব ছয়টাকৈ বিমানবন্দৰঃ নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.