ETV Bharat / state

২০২১ৰ বিধানসভা নিৰ্বাচনত ১০০ খন আসন দখলৰ লক্ষ্য বিজেপিৰ

author img

By

Published : Oct 24, 2019, 8:47 PM IST

১০০ খন আসন জয় কৰি চৰকাৰ গঠনৰ সংকল্প ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ । উপ-নিৰ্বাচনৰ ফলাফলক লৈ উৎসাহিত বিজেপি নেতৃত্ব ৷

assam Bjp targets 100 seats in 2021 assembly election

ওদালগুৰি, 24 অক্টোবৰ: ৰাজ্যৰ চাৰিটা বিধান সমষ্টিৰ উপ- নিৰ্বাচনত তিনিটা সমষ্টিতে জয়ী হোৱাৰ পাচত ২০২১ চনত হ'ব লগা অসম বিধান সভাৰ নিৰ্বাচনকলৈ অধিক আশাবাদী হৈ পৰিছে শাসনাধীন বিজেপি দল । অহা বিধানসভা নিৰ্বাচনত ১০০ খন আসন দখল কৰি দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দাবী ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ । উপাধ্যায়ে কয় যে - " এই জয়ে আমাক ২০২১ লৈ দায়িত্ব অধিক বঢ়াই তুলিলে । ২০২১ চনত আমি ১০০ খন আসম জয় কৰাৰ চিন্তা চৰ্চা কৰিছোঁ ।" বিজয়ৰ পিছতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে সম্পাদকজনে ।

উপ-নিৰ্বাচনৰ ফলাফলৰ পাচত উজ্জীৱিত বিজেপি

আনহাতে জনীয়া সমষ্টিত বিজেপিৰ ভোট বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া । সাংসদগৰাকীয়ে সংখ্যালঘু ৰাইজে বিজেপিৰ প্ৰতি আস্থা ব্য়ক্ত কৰা বুলি মন্তব্য আগবঢ়াইছে । এয়া ২০২১ ৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা সম্পূৰ্ণ আশাৰ বতৰা বুলিও মন্তব্য কৰে সাংসদ শইকীয়াই । উল্লেখ্য যে, বৃহস্পতিবাৰে ৪ সমষ্টিৰ ভোটগণনা চলি থকাৰ মাজতে ওদালগুৰি জিলাত গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব আহিছিল বিজেপিৰ শীৰ্ষ নেতা দুজন ।

Intro:২০২১ ৰ বিধানসভাৰ নিৰ্বাচনত ১০০ খন আসন দখলৰ লক্ষ্য বিজেপিৰ

১০০ খন আসন জয় কৰি চৰকাৰ গঠনৰ দাবী কৰি ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ।

আনহাতে সংখ্যালঘু ৰাইজে বিজেপিৰ প্ৰতি সম্পূৰ্ণ আস্তা ব্যক্ত নহলেও কিছু আস্তা ব্যক্ত কৰিছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই।

সংখ্যালঘুৰ আস্তা ২০২১ ৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা সম্পূৰ্ণ আশাৰ বতৰা বুলিও মন্তব্য কৰে সাংসদ শইকীয়াই

Body:ৰাজ্যৰ চাৰিটা বিধান সমষ্টিৰ উপ- নিৰ্বাচনত তিনিটা সমষ্টিতে জয় হোৱাৰ পিছত ২০২১ চনত হ'ব লগা অসম বিধান সভাৰ নিৰ্বাচনকলৈ অধিক আশাবাদী হৈ পৰিছে শাসনাধীন বিজেপি দল। এইবাৰ বিধানসভা নিৰ্বাচনত ১০০ খন আসন দখল কৰি দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠনৰ দাবী কৰিলে ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ। উপাধ্যায়ে কয় যে " এই জয়ে আমাক ২০২১ লৈ দায়িত্ব অধিক বঢ়াই তুলিলে। ২০২১ চনত আমি ১০০ খন আসম জয় কৰাৰ চিন্তা চৰ্চা কৰিছো।
১০০ খন আসন নিশ্চিত ভাবে জিকি আমি চৰকাৰ গঠন কৰিম। বিজয়ৰ পিছতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে সম্পাদক জনে। আনহাতে জনীয়া সমষ্টিত বিজেপিৰ ভোট বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। শইকীয়াই কয়- সংখ্যালঘু ৰাইজে বিজেপিৰ প্ৰতি সম্পূৰ্ণ আস্তা ব্যক্ত নহলেও কিছু আস্তা ব্যক্ত কৰিছে। এইটো ২০২১ ৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা সম্পূৰ্ণ আশাৰ বতৰা বুলিও মন্তব্য কৰে সাংসদ শইকীয়াই। উল্লেখ যে আজি ৪ সমষ্টিৰ ভোট গণনা চলি থকাৰ মাজতে ওদালগুৰি জিলাত গান্ধী সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰিব আহিছিল বিজেপিৰ শীৰ্ষ নেতা দুজন।

Byte- Dilip Saikia
Byte Kishore UpadhyaiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.