ETV Bharat / state

মেলেৰীয়া অধ্যুষিত অঞ্চল চিৰাং - assam news

30 জুনলৈ, 31 জন মেলেৰীয়া ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে এজন জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱা বুলি জনাইছে জিলা মেলেৰীয়া বিভাগে

মেলেৰীয়া অধ্যুষিত অঞ্চল চিৰাং
author img

By

Published : Jul 6, 2019, 9:33 PM IST

নিউজ ডেস্ক, ৫ জুলাই: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিমা হাছাওত এজনৰ মৃত্যু । বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি । ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত হাতীখালিৰ কুঞ্জলতা হাকমুকছা নামৰ 60 বছৰীয়া মহিলা গৰাকী মৃত্যু হয় ৷ হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু হয় মহিলা গৰাকীৰ ।

আনহাতে, চিৰাঙত এজন এনকেফেলাইটিছ ৰোগীৰ লগতে 31 জন মেলেৰীয়া ৰোগী চিনাক্ত ৷ 30 জুনলৈ 31 জন মেলেৰীয়া ৰোগী চিনাক্ত হোৱাৰ লগতে এজন জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱা বুলি জনাইছে জিলা মেলেৰীয়া বিভাগে । জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জুন মাহৰ 30 তাৰিখলৈকে জিলাখনত ইতিমধ্যে মুঠ 33253 জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ।

মেলেৰীয়া অধ্যুষিত অঞ্চল চিৰাং

উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপকভাৱে প্ৰাদুৰ্ভাৱ ঘটা জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। জিলাখনত এই পৰ্যন্ত কোনো লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ খবৰ অহা নাই যদিও উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ নিৰ্দেশ অনুযায়ী জিলাখনৰ স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত পূৰ্ণ পৰ্যায়ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে । জনসাধাৰণক এই ৰোগৰ কাৰণ আৰু লক্ষণসমূহৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে বেনাৰ লগোৱা , প্ৰচাৰ পত্ৰ বিতৰণ আদি কাৰ্যসূচীও গ্ৰহণ কৰিছে । শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকাগৰাকীয়ে ইতিমধ্যেই জাৰি কৰা এক নিৰ্দেশযোগে অত্যন্ত জিলাখনৰ চিকিৎসক-নাৰ্চ-স্বাস্থ্যকৰ্মীসকলক কোনোধৰণৰ ছুটী নল'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

Intro:চিৰাঙত এনকেফেলাইটিছ ৰোগী এজনৰ লগতে ৩১ জন মেলেৰীয়া ৰোগী চিনাক্ত, জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত আৰোগ্য লাভ ৰোগীৰ । Body:চিৰাং জিলাত এই বছৰ যোৱা ৩০ জুনলৈ ৩১ জন মেলেৰীয়া ৰোগী চিনাক্ত হোৱাৰ লগতে এজন জাপানিজ এন কে ফেলাইটিছ ৰোগী চিনাক্ত হোৱা বুলি জনাইছে জিলা মেলেৰীয়া বিভাগে । জিলা মেলেৰীয়া নিয়ন্ত্ৰন বিভাগৰ সুত্ৰে প্ৰকাশ যে জুন মাহৰ ৩০ তাৰিখলৈ জিলাখনত ইতিমধ্যে মুঠ ৩৩২৫৩ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে । লগতে মেলেৰীয়া কাৰ্ড কিড টেষ্ট কৰিছে ২০০৪৭ টা । ইয়াৰ মাজত মুঠ পিভি মেলেৰীয়া ১৫ জন আৰু ১৬ জন পিএফ মুঠ মেলেৰীয়া ৰোগী চিনাক্ত হৈছে ৩১ জন । ইয়াৰ মাজতে ৬ টা সন্দেহ জনক এনকেফেলাইটিছ ৰোগীৰ মাজত এজন জাপানিছ এনকে ফেলাইটিছ ৰোগ বুলি নিশ্চিত হৈছে । জিলাখনৰ বিজনীৰ বিষ্ণুপুৰৰ লক্ষ্মিঝোৰাৰ ব্ৰজবাসী মণ্ডল বুলি চিনাক্ত হৈছে । ইতিমধ্যে জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত ৰোগীজন সম্পুৰ্ণৰূপে আৰোগ্য লাভ কৰিছে বুলিও জনায় ।
জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৮ টা উপ স্বাস্থ্য কেন্দ্ৰৰ অধিনৰ গ্ৰামাঞ্চল ৰুনিখাতা, শান্তিপুৰ, দেউশ্ৰি, কৰাইবাৰী,বেংতল,নাকেদৰা,গৰছিংপাৰা,গৰুভাষা আদি গাঁও সমুহ মেলেৰীয়া অধ্যুশিত অঞ্চল হিচাবে চিনাক্ত কৰিছে জিলা মেলেৰীয়া নিয়ন্ত্ৰন বিভাগে ।

বাইট : জিলা মেলেৰীয়া নিয়ন্ত্ৰন বিভাগ ।

ইপিনে জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত মেলেৰীয়াৰ প্ৰকোপ বৃদ্ধিপোৱাৰ এই সময়ছোৱাতে তেজ পতিক্ষাৰ যন্ত্ৰ বেয়া হোৱা বুলি অভিযোগ কৰে একাংশ ৰোগীয়ে যাৰ বাবে চিকিৎসালয়খনত ৰোগী সকলে তেজ পৰিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হৈছে ।চিকিৎসালয়খনৰ লেবৰেটৰী বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া অবিনাস দাসে এই ক্ষেত্ৰত ঘটনাটো স্বিকাৰ কৰি কয় যে অহা সোমবাৰৰ পৰা তেজপৰিক্ষাৰ সকলো সামগ্ৰী আহি পাব আৰু পুৰ্ণগতিত তেজ পৰিক্ষা কৰিবলৈ সক্ষম হব । (লগো নোহোৱা বাইট আছে ভিজুৱেলৰ শেষত)Conclusion:ইপিনে চিৰাং জিলাৰ শান্তিপুৰ,ৰুনিখাতা, কৰাইবাৰী, দেউশ্ৰি আদি অঞ্চলত ব্যাপক হাৰত মেলেৰীয়া ৰোগীৰ সংখ্যা বৃদ্ধিপোৱা বুলি জনাইছে স্থানীয় লোকসকলে । অঞ্চল সমুহৰ সাধাৰন লোকে অভিযোগ কৰি কয় যে মেলেৰীয়া নিয়ন্ত্ৰনৰ বাবে জিলা স্বাস্থ্য বিভাগ তথা মেলেৰীয়া নিয়ন্ত্ৰন বিভাগে যি ধৰনে তৎপৰতা লব লাগিছিল সেয়া গ্ৰহন কৰাত সক্ষম হোৱা নাই বুলিও জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.