পেঙেৰী, 7 জুলাই: তিনিচুকীয়া জিলাখনৰ একাংশ ভিতৰুৱা অঞ্চল বৰ্তমান সময়ত অবৈধ নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ৰ ঘাটীলৈ পৰিণত হৈ পৰিছে । দেশী-বিদেশী সুৰা, মাৰাত্মক ড্ৰাগছৰ লগতে অবৈধ কানিৰ ব্যাপক প্ৰচলনে এইসমূহ অঞ্চলৰ সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ ধৰিছে । দেওবাৰে জিলাখনৰ পেঙেৰীত ১ নং পেঙেৰী মহিলা সমিতিৰ উদ্যোগত মাৰাত্মক অবৈধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতা সভাৰ আহ্বান কৰে । সজাগতা সভাখনত আৰক্ষী, আবকাৰী বিভাগৰ বিষয়ববীয়া, সাংবাদিক, অঞ্চলটোৰ বহুকেইটা ছাত্ৰ সংগঠনৰ কৰ্মকৰ্তাৰ লগতে বহুসংখ্যক পুৰুষ মহিলা উপস্থিত থাকে ।
মাদক দ্ৰৱ্যৰ ফলস্বৰূপে ঘৰুৱা হিংসাৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে । অঞ্চলটোৰ লোকসকলে এইসমূহ মাদক দ্ৰব্য নিৰ্মূলৰ ক্ষেত্ৰত প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷