ETV Bharat / state

অকাল মৃত্যুক সাৱটি লোৱা বিশ্বৰূপা নেওগ মৰাণক শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jan 3, 2021, 9:29 AM IST

ডিগবৈৰ টিংৰাইত 31 ডিচেম্বৰত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় কা আন্দোলনত আগভাগ লোৱা বিশ্বৰূপা নেওগ মৰাণ ৷ শনিবাৰে সন্ধিয়া ডুমডুমাত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয় নেত্ৰী গৰাকীক ৷

tribute to biswarupa neog moran
বিশ্বৰূপা নেওগ মৰাণক শ্ৰদ্ধাঞ্জলি

ডুমডুমা,3 জানুৱাৰী : বিগত 31 ডিচেম্বৰত ডিগবৈৰ টিংৰাইত শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা ডুমডুমা ৰূপাই চাইডিঙৰ বিশ্বৰূপা নেওগ মৰাণক শনিবাৰে সন্ধিয়া ৰাজহুৱাভাৱে জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷ বিভিন্ন সামাজিক কাৰ্যত সক্ৰিয় ভূমিকা পালন কৰা বিশ্বৰূপা নেওগ মৰাণে কা আন্দোলনত ডুমডুমাৰ এগৰাকী মহিলা নেত্ৰীৰূপে নিজকে আত্মনিয়োগ কৰি মহিলা প্ৰতিবাদীসকলক নেতৃত্ব প্ৰদান কৰিছিল ।

tribute to biswarupa neog moran
বিশ্বৰূপা নেওগ মৰাণক শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, দুই পুত্ৰ সন্তানৰ মাতৃ বিশ্বৰূপা নেওগ মৰাণে পুত্ৰক ডিগবৈৰ হোষ্টেলত থৈ স্বামীৰ সৈতে নিজ বাহনত ঘৰমুৱা হোৱাৰ সময়তে বাহনখনে পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে ৷ দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় নেত্ৰী গৰাকীৰ ৷

আনহাতে স্বামীক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে ৷ বিশ্বৰূপা নেওগ মৰাণৰ অকাল মৃত্যুত ডুমডুমা, ৰূপাইৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাতেই শোকৰ ছাঁ পৰিছে

লগতে পঢ়ক : ডুমডুমাত পথ সুৰক্ষাৰ সজাগতা অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.