শদিয়া,16 আগষ্ট: লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰিছে ৰাজ্যৰ একাংশ দুষ্টচক্ৰই ৷ তিনিচুকীয়াৰ কাকপথাৰত শনিবাৰে নিশা দুৰ্বৃত্তই চলালে তাণ্ডৱ ৷ বিশেষকৈ কাকপথাৰত দিনক দিনে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ ৷ প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ এখন চৰকাৰী শিক্ষানুষ্ঠান শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত শনিবাৰে নিশা কোনো দুৰ্বৃত্তই লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি তাণ্ডৱ চলায় ৷
দুৰ্বৃত্তই বিদ্যালয়খনৰ কাৰ্যালয়ৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰে কাৰ্যালয়ৰ নথিপত্ৰৰ লগতে আচবাবসমূহ ৷ কিন্তু দুৰ্বৃত্তই এতিয়ালৈকে কি কি সামগ্ৰী বিদ্যালয়খনৰ পৰা লৈ গৈছে সেয়া স্পষ্ট হোৱা নাই ৷ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে ৷
লগতে চাওকঃ বৰডুমচাৰ মাধৱপুৰত দুৰ্ঘটনাগ্ৰস্ত চোৰাং কাঠভৰ্তি ট্ৰাক