ETV Bharat / state

Assam tourism: পৰম্পৰাগত সাজ-পাৰ পিন্ধি নিজকে অসমীয়া ৰূপত চোৱাৰ চেষ্টা দুই বিদেশী পৰ্যটকৰ - হলৌ উদ্যানখ্যাত বাৰেকুৰি

ভোগালী বিহুৰ পাচতেই তিনিচুকীয়াৰ বাৰেকুৰিত উপস্থিত দুই বিদেশী পৰ্যটক (Tourists gather in Tinsukia)৷ বিহুৰ জলপানৰ পৰা আদি কৰি থলুৱা খাদ্য সম্ভাৰৰ (Traditional Food of Assamese) লগতে অসমীয়া কৃষ্টি-সংস্কৃতি আয়ত্ত কৰাৰ প্ৰয়াস দুই বিদেশী পৰ্যটকৰ ৷

Assam tourism
বাৰেকুৰিত দুই বিদেশী পৰ্যটক
author img

By

Published : Jan 22, 2023, 1:23 PM IST

বাৰেকুৰিলৈ আহি অভিভূত বিদেশী পৰ্যটক

তিনিচুকীয়া, 22 জানুৱাৰী : বাণিজ্যিক চহৰ তিনিচুকীয়াৰ কাষতে অৱস্থিত বৃহত্তৰ বাৰেকুৰি অঞ্চল ৷ বৰ্তমান এই অঞ্চলটোত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এহাল পুৰুষ-মহিলাই বিহু নাচ নচাত আৰু ভোগালীৰ জলপানৰ সোৱাদ লোৱাত ব্যস্ত হৈ পৰিছে (Tourists gather in Tinsukia) ৷ তেওঁলোক হ’ল দক্ষিণ কোৰিয়াৰ গেৰী আৰু আমেৰিকা কেলিফৰ্ণিয়াৰ কুইভেই ৷

এই দুই বিদেশী বৰ্যটকে থলুৱা মৰাণ সাজ, ধূতি পৰিধান কৰি বিহু নাচিবলৈ প্ৰয়াস কৰিছে ৷ লগতে চেষ্টা কৰিছে অসমীয়া ভাষা শিকিবলৈ । দুই বিদেশী পুৰুষ-মহিলাৰ সৈতে অসমৰ এটা দলে আচলতে দীৰ্ঘদিনপৰা বৃহত্তৰ বাৰেকুৰি অঞ্চলত আদিম মানৱখ্যাত বাৰেকুৰিত মানুহৰ সৈতে সহাৱস্থান কৰা হলৌ বান্দৰৰ লগতে বাৰেকুৰিৰ সহজ-সৰল মানুহৰ জীৱনশৈলীৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি আছে ৷

শেহতীয়াকৈ ভোগালী বিহুৰ পাচতেই গেৰী আৰু কুইভেই বাৰেকুৰিত উপস্থিত হৈ দৃশ্য সংগ্ৰহ কৰিছে ৷ আনহে নালাগে এই ঠাইৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি বাৰেকুৰিবাসীৰ মৰমত মুগ্ধ হৈ পৰিছে ৷ আনকি সংবাদ মাধ্যমৰ আগতো আমেৰিকাৰ কুইভেই অসমীয়াত সুন্দৰকৈ নমস্কাৰ দি সম্ভাষণ জনাই ভঙা ভঙা অসমীয়াতে নিজৰ নামটোও ক’বলৈ চেষ্টা কৰিছে ৷

সমান্তৰালভাৱে গাঁৱৰ এগৰাকী আইতাৰ সৈতে সুন্দৰকৈ বিহু নাচিবলৈ প্ৰয়াস কৰিছে কুইভেই এ ৷ কুইভেই কিছু সৰু সৰু কৰ্মৰাজিৰ বাবেই এতিয়া গাঁওবাসীৰ মৰম পাত্ৰ হৈ পৰিছে ৷ কুইভেইৰ দৰে চাউথ কুৰিয়াৰ গেৰীয়েও ধূতি পৰিধান কৰি ডিঙিত আঁৰি লয় আমাৰ কলা-সংস্কৃতিৰ অনবদ্য বাদ্য-যন্ত্ৰ মৃদং ৷ মৃদঙত হাতৰ চাপ দিবলৈ চেষ্টা কৰিছে গেৰীয়েও (Assam tourism) ৷

আনহাতে, কোমল চাউল, দৈ, চিৰা, তিল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, বৰা চাউলৰ জলপান ইত্যাদি ভোগালীৰ জলপানৰ সোৱাদ লোৱাৰ লগতে অসমীয়া থলুৱা খাদ্যৰ জুতি লৈ প্ৰশংসাৰে ওপচাই পেলাইছে দুই বিদেশী আলহীয়ে (Traditional Food of Assamese)৷ গেৰী আৰু কুইভেই অসমৰ বিভিন্ন প্ৰান্তৰ চিন্ময়, ৰাগিনী, গৌতম আৰু চন্দ্ৰৰ সৈতে বাৰেকুৰিৰ কেইবাগৰাকীও সচেতন যুৱক তথা পৰিৱেশকৰ্মীৰ সৈতে জিলাখনৰ ভিন্ন ঠাই পৰিভ্ৰমণ কৰিছে ৷

বিশেষকৈ হলৌ উদ্যানখ্যাত বাৰেকুৰিৰ মানুহৰ সৈতে সহাৱস্থান কৰা হলৌ বান্দৰ, দেশী-বিদেশী পক্ষীৰ আগমন ঘটা মটাপুং মাগুৰি বিল, বন ঘৰচীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে চাহ নগৰী ডুমডুমাৰ চাহ বাগিছা পৰিদৰ্শন কৰি আনন্দিত হৈ পৰে ৷

এটা সপ্তাহ তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ লগতে বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি দেওবাৰে পুনৰ এবুকু মৰম সাৱটি লৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ নিজৰ বাসস্থানলৈ উৰা মাৰে গেৰী আৰু কুইভেই ৷ অতি সোনকালে তেওঁলোকে বাৰেকুৰিক লৈ নিৰ্মাণ কৰা ছবিখন সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাৰেকুৰিবাসীৰ হলৌ বান্দৰৰ প্ৰতি থকা মৰম আৰু মটাপুং মাগুৰীবিলৰ আলহী পক্ষীয়ে দেশী-বিদেশী পৰ্যটকক সদায় হাত বাউল দি মাতি থাকে ।

লগতে পঢ়ক : Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.