ETV Bharat / state

অৰুণাচলত নিহত দুই NSCN(K) কেডাৰ

author img

By

Published : Jul 29, 2021, 9:42 PM IST

বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত আছাম ৰাইফলছ (Assam Rifles) আৰু NSCN(K)ৰ মাজত তুমুল সংঘৰ্ষ ৷ আছাম ৰাইফলছৰ গুলীত নিহত হয় NSCN(K)ৰ দুজনকৈ কেডাৰ ।

two-cadre-of-nscn-k-death-in-arunachal-pradesh
NSCN(K) কেডাৰ নিহত

তিনিচুকীয়া, 29 জুলাই : অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লমলো (lomlo) গাঁৱত বৃহস্পতিবাৰে আছাম ৰাইফলছ (Assam Rifles) আৰু NSCN(K)ৰ মাজত তুমুল সংঘৰ্ষ হয় ৷ প্ৰায় 15 মিনিট ধৰি দুই পক্ষৰ মাজত চলে এই সংঘৰ্ষ ৷ সংঘৰ্ষত আছাম ৰাইফলছৰ গুলীত নিহত হয় NSCN(K) ৰ দুজনকৈ কেডাৰ ।

জানিব পৰা মতে, কতাম (kottam) অৰণ্যত এটা অস্থায়ী শিবিৰ পাতি অৱস্থান কৰি আছিল NSCN(K)ৰ এটা দলে ৷ শিবিৰটোৰ নেতৃত্বত আছিল দুধর্ষ কেডাৰ ৰকি থাপা (Rocky Thapa)। অৱশ্যে সংঘাত চলি থকাৰ মাজতে দুৰ্গম অৰণ্যৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় দুধর্ষ কেডাৰ ৰকি থাপা ।

নিহত কেডাৰ কেইজনৰ পৰা MQ Series ৰ Assult Rifles, RPG আৰু গ্ৰেণেড উদ্ধাৰ কৰে আছাম ৰাইফলছে ৷

অসম-মিজোৰাম (Assam-Mizoram Border) ৰ সীমান্তৱৰ্তী লাইলাপুৰত সংঘটিত হোৱা সংঘৰ্ষৰ পাচতে এতিয়া প্ৰায়ভাগ সীমাতে সংঘটিত হ’বলৈ ধৰিছে এনেধৰণৰ গুলীয়াগুলিৰ ঘটনা ৷ সোমবাৰে অৰ্থাৎ 26 জুলাইত লাজু আৰক্ষী (Lazu Police)ৰ সৈতে আছাম ৰাইফলছ আৰু খোনচা বেটেলিয়ন (Khonsa Battalion)ৰ এক যুটীয়া অভিযানত ম্যানমাৰৰ জাতীয়তাবাদী NSCN (K-YA)ৰ দুজন কেডাৰক আটক কৰা হৈছিল । আছাম ৰাইফলছে আটকাধীন কেডাৰ দুজনৰ পৰা পইণ্টৰ 32 এম এম পিষ্টল, এটা 1500 গ্ৰাম আই ই ডি, 13 পইণ্ট 32 এমএম পিষ্টল সজীৱ গোলা বাৰুদৰ লগতে ৰেচন, কাপোৰ আৰু সংগঠনটোৰ নথি-পত্ৰৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : লংকাত নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ জালত দুই ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.