ETV Bharat / state

তিনিচুকীয়া জিলাক ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা

author img

By

Published : Jun 25, 2021, 2:29 PM IST

ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা কৰা হ'ল তিনিচুকীয়া(Tinsukia) জিলাক । জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে । ৰাজ্যৰ ১৫ খন জিলাক ঘোষণা কৰা হৈছে ৰেড জ'ন হিচাপে ।

Tinsukia district declared as red zone
তিনিচুকীয়া জিলাক ৰেড জ'ন হিচাপে ঘোষণা

তিনিচুকীয়া, ২৫ জুন: ক'ভিড-১৯ মহামাৰীৰ সৰ্বাধিক সংক্ৰমণ হোৱা ১৫ খন জিলাক ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । এই জিলাকেইখনৰ ভিতৰত আছে তিনিচুকীয়া জিলাও । ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা কৰাৰ পাচতে তৎপৰ হৈ পৰিছে তিনিচুকীয়া জিলা প্ৰশাসন ৷ ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে সমগ্র তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে ।

Tinsukia district declared as red zone
তিনিচুকীয়া জিলাক ৰেড জ'ন হিচাপে ঘোষণা

এতিয়াৰে পৰা জিলাখনত ৫ জনতকৈ অধিক লোক এটা স্থানত সমবেত হোৱাত বাধা আৰোপ কৰা হৈছে । লগতে প্ৰশাসনৰ অনুমতি অবিহনে কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব । উল্লেখ্যে যে, সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ আনহাতে, কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা আংশিক লকডাউনৰ ফলত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । বিশেকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

Tinsukia district declared as red zone
তিনিচুকীয়া জিলাক ৰেড জ'ন হিচাপে ঘোষণা

এই পৰিস্থিতি কেৱল এখন জিলাতে নহয়, সমগ্ৰ ৰাজ্যতে মহামাৰীসৃষ্ট পৰিস্থিতিৰ বাবে সাধাৰণ লোকে হাৰাশাস্তি ভুগিবলগীয়া হৈছে । দিন হাজিৰা কৰি দুবেলা দুমুঠি যোগাৰ কৰা সকলে এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । সৰু সৰু ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত বহু লোকেই এতিয়া কৰ্মসংস্থাপন হেৰুওৱাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকে জীয়াই থাকিবলৈ কঠিন সংগ্ৰাম কৰিবলগীয়া হৈছে ।

আনহাতে, ৰাজ্যখনৰ ১৫ খন জিলাত বৰ্তমান ক'ভিড পৰিস্থিতি অতি জটিল । পূৰ্বে আন জিলাৰ দৰেই এই জিলাকেইখনতো প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও কোনো ফল নধৰিলে । জিলাকেইখনত আক্ৰান্তৰ সংখ্যা আশানুৰূপভাৱে হ্ৰাস নোপোৱাৰ বাবেই জিলাকেইখনক ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা কৰা হৈছে ৷

মুঠতে যিকোনো উপায়েৰে প্ৰশাসনে সংক্ৰমণ ৰোধৰ প্ৰয়াস কৰিছে । মন কৰিবলগীয়া যে, সম্ভাৱ্য তৃতীয় ঢৌৰ পূৰ্বে দ্বিতীয় ঢৌৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰিলে পৰিস্থিতি কিমান ভয়াৱহ হ'ব সেয়া সৰ্বজনবিদিত ।

লগতে পঢ়ক:কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰিলে ১০ লাখ টকা সহ ৭০০ গ্ৰাম সোণৰ অলংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.