ETV Bharat / state

Shambhu Koiri murder case: শম্ভূ কৈৰীৰ হত্যাকাৰীক শাস্তিৰ দাবী বজৰং দলৰ

author img

By

Published : Jan 18, 2023, 4:09 PM IST

বজৰং দলৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া(Tinsukia district Bajrang dal protest) । বজৰং দলৰ কৰ্মী শম্ভূ কৈৰীৰ হত্যাকাৰীৰ শাস্তিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলে ।

Shambhu Koiri murder case
শম্ভূ কৈৰীৰ হত্যাকাণ্ডক লৈ আজিও উত্তাল তিনিচুকীয়া

তিনিচুকীয়া,১৮ জানুৱাৰী: বজৰং দলৰ কৰ্মী শম্ভূ কৈৰীৰ হত্যাকাণ্ডক লৈ আজিও উত্তাল তিনিচুকীয়া । বুধবাৰেও বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিৰ(Tinsukia district Bajrang dal protest) উদ্যোগত তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত বজৰং দলৰ কৰ্মী শম্ভূ কৈৰিৰ হত্যাৰ উচিত ন্যায় প্ৰদানৰ দাবীত ৰূপায়ণ কৰা হয় এক ধৰ্ণা কায্যসূচীৰ ৷ উক্ত ধৰ্ণা কায্যসূচীৰ জৰিয়তে জেহাদীসকলক সমুখ সমৰত যুদ্ধৰ বাবে মুকলি প্ৰত্যাহ্বান জনাই তিনিচুকীয়া জিলা বজৰং দলে ।

উল্লেখেযোগ্য যে, কৰিমগঞ্জত ৮ জানুৱাৰীত বজৰং দলৰ কৰ্মী শম্ভূ কৈৰিক বজৰং দলৰ প্ৰশিক্ষণ লৈ ঘৰলৈ আহি থকাৰ অৱস্থাত দিন দুপৰতে ছেলিম উদ্দীন নামৰ এটা দুস্কৃতিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰে(Shambhu Koiri murder in Karimganj) । উক্ত ঘটনাই বজৰং দল তথা সমগ্ৰ হিন্দু সংগঠনক ক্ষোভিত কৰি তোলে । শম্ভূ কৈৰিৰ হত্যাকাৰী ছেলিম উদ্দীনক অতি সোনকালে ফাচী দিবলৈ দাবী উত্থাপন কৰে বজৰং দলৰ তিনিচুকীয়া জিলাৰ সদস্যসকলে ।

লগতে শৌয্যৰ কেতিয়াও মৃত্যু নাই, শম্ভূ কৈৰী অমৰ হওক, জেহাদী মূর্দাবাদ, বজৰং দল জিন্দাবাদ ধ্বনিৰে আজি প্ৰতিবাদকাৰীসকলে কঁপাই তোলে তিনিচুকীয়াৰ আকাশ বতাহ(Bajrang dal activist killed in Karimganj) । উক্ত প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে অসমত সনাতনী হিন্দু হত্যা বন্ধ কৰা, শম্ভূ কৈৰীৰ দৰে অসমত কোনো হিন্দু সনাতনীৰ জেহাদীৰ হাতত মৃত্যু নহয় চৰকাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ দাবী জনায় । শম্ভূ কৈৰীৰ হত্যাকাণ্ডৰ তদন্ত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই সংগঠন দুটাই ।

লগতে ছেলিম উদ্দীনক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি অচিৰেই ফাঁচী দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । ইয়াৰ সমান্তৰালবাৱে শম্ভূ কৈৰীৰ পৰিয়াললৈ অতি শীঘ্ৰে ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় সংগঠনটোৱে । অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে বজৰংগ দলৰ নেতা কৰ্মীসকলে ।

উল্লেখ্য যে, ১১ জানুৱাৰীতো শম্ভূ কৈৰীৰ হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিয়ে । বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা থানা চাৰিআলিত সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ । বজৰং দলে শম্ভূ কৈৰীক অমৰ মৃতক ঘোষণা কৰি কৈৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ কৰি আত্মাৰ সদগতি কামনা কৰি ৷ লগতে হত্যাকাৰী ছেলিম উদ্দিনৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল বজৰং দলৰ তিনিচুকীয়া জিলাৰ সদস্যসকলে ।

লগতে পঢ়ক: Arnamai Bora murder case: নিৰ্বাচনী ইছ্যু হিচাপে পৰিগণিত অৰ্ণমাই বৰাৰ হত্যাকাণ্ড: দল-সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.