ETV Bharat / state

তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান - তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ শেহতীয়া বাতৰি

নিচুকীয়া জিলাৰ ৰঙাজান জিলা পৰিষদৰ সদস্যা ৰশ্মিৰেখা দহোটীয়াৰ পৰিয়ালৰ এজন সদস্যাই নিৰু হাজৰিকা নামৰ এগৰাকী মহিলাক আইখন সমৰ্থন কৰিবলৈ ভাবুকি প্ৰদান কৰে ৷ ৰঞ্জিত গোঁহাই নামৰ ব্যক্তিজনে নিৰু হাজৰিকাই নাগৰিকত্ব সংশোধনী আইনখন সমৰ্থন নকৰিলে মৃত স্বামীৰ পেঞ্চন বন্ধ কৰিব বুলি টেলিফোন যোগে ভাবুকি প্ৰদান কৰে ৷

Tinsukia CAA protester get threatening
তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ফোনযোগে ভাবুকি
author img

By

Published : Dec 21, 2019, 5:00 AM IST

কাকপথাৰ, 20 ডিচেম্বৰঃ ৰাজ্যৰ চৌদিশে তীব্ৰতৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ইয়াৰ মাজতে তিনিচুকীয়াত আইনখনৰ বিৰোধীতা কৰা মহিলাক ফোনযোগে ভাবুকি প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ঘটনা অনুসৰি, তিনিচুকীয়া জিলাৰ ৰঙাজান জিলা পৰিষদৰ সদস্যা ৰশ্মিৰেখা দহোটীয়াৰ পৰিয়ালৰ এজন সদস্যাই নিৰু হাজৰিকা নামৰ এগৰাকী মহিলাক আইখন সমৰ্থন কৰিবলৈ ভাবুকি প্ৰদান কৰে ৷ ৰঞ্জিত গোঁহাই নামৰ ব্যক্তিজনে নিৰু হাজৰিকাই নাগৰিকত্ব সংশোধনী আইনখন সমৰ্থন নকৰিলে মৃত স্বামীৰ পেঞ্চন বন্ধ কৰিব বুলি টেলিফোন যোগে ভাবুকি প্ৰদান কৰে |

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ফোনযোগে ভাবুকি

আনহাতে, বিজেপিৰ জিলা পৰিষদৰ সদস্যৰ পৰিয়ালৰ লোকে সাধাৰণ জনতাক এনেদৰে ভাবুকি প্ৰাদন কৰা ঘটনাই সম্প্ৰতি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো বিজেপি নেতা, কৰ্মীক সংযত, অমায়িকভাবে প্ৰতিবাদকাৰীৰ লগত কথা, বাৰ্তা পাতিবলৈ আহ্বান জনোৱাৰ সময়তে এনদৰে ফোনযোগে ভাবুকি প্ৰদান কৰা বিষয় সন্দৰ্ভত বিজেপি দল তথা নেতাসকলে কেনেদৰে গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক- ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰৌতাত আক্ৰাছুৰ প্ৰতিবাদ

Intro:কাকপথাৰত বিজেপি নেত্ৰীৰ পৰিয়ালে "কা" বিৰুধী মহিলাক দিছে ভাবুকি, ৰঙাজান জিলা পৰিষদ সদস্যা ৰশ্মিৰেখা দহোটীয়াৰ পৰিয়ালৰলোকে দিছে এই ভাবুকি

শদিয়া : ৰাজ্য তথা দেশৰ চৌদিশে "কা" বিৰুধী সংগ্ৰাম তীব্ৰতৰ হৈ পৰাৰ মাজতে তিনিচুকীয়া জিলাৰ কাকপথাৰত "কা" বিৰুধ কৰা প্ৰতিবাদীক ভাবুকি দিয়াৰ বাতৰি আহি পৰিছে ৷ তিনিচুকীয়া জিলাৰ ৰঙাজান জিলা পৰিষদৰ সদস্যা ৰশ্মিৰেখা দহোটীয়াৰ পৰিয়ালৰ ৰঞ্জিত গোহাঁইয়ে স্বামীহিনা মহিলা নিৰু হাজৰিকা গগৈক টেলিফোনিকযোগে "কা" ক সৰ্মথন কৰিবলৈ ভাবুকি দিয়ে ৷ অন্যথা মৃত স্বাৰ্মীয়ে ভাৰতীয় সেনাত কৰ্মৰতৰ বাবদ লাভ কৰা পেঞ্চন বন্ধ কৰি দিয়াৰ লগতে "কোন চৰকাৰৰ তলত আছ'" ইত্যাদি বিভিন্ন কথাৰে তাচিল্য কৰে বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে ৷ এইদৰে "কা" বিৰুধী প্ৰতিবাদৰ কৰ্মীক বিজেপিৰ জিলা পৰিষদৰ সদস্যাৰ পৰিয়ালৰলোকে ভাবুকি দিয়া বাতৰি বিয়পি পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাকপথাৰত ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো বিজেপি নেতা, কৰ্মীক সংযত, অমায়িক ভাবে প্ৰতিবাদকাৰীৰ লগত কথা, বাৰ্তা পাতিবলৈ আহ্বান জনোৱাৰ সময়তে এইদৰে ফ'ন যোগে ভাবুকি দিয়াৰ বিষয়ত বিজেপি দল তথা নেতা কেনেদৰে গ্ৰহণ কৰে, সেইয়া হব লক্ষণীয় ৷Body:Byte : স্বামীহিনা মহিলা গৰাকী ৷ Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.