তিনিচুকীয়া, 1 ফেব্ৰুৱাৰী: দেওবাৰে শুৱালকুছি আৰু তেজপুৰত আছুৰ সদস্যৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পুনৰ সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সমান্তৰলাকৈ, তিনিচুকীয়াৰ চেনাইৰাম বিদ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে ৷ প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰাৰ উপৰিও চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনা জাতিধ্বংসী আইন 'কা'ৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই । আনহাতে 31 জানুৱাৰী দেওবাৰেও তেজপুৰ আৰু শুৱালকুছিতো গণতান্ত্ৰিকভাৱে জোঁৰ সমদল কাৰ্যসূচী অনুষ্ঠিত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই । কিন্তু এই প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে অতি বৰ্বৰভাৱে আক্ৰমণ চলায় । আৰক্ষীৰ এই বৰ্বৰতা তথা অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সোমবাৰে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আছু কৰ্মীসকল ৷