মাৰ্ঘেৰিটা,24এপ্ৰিল: তিনিচুকীয়া জিলাত শুকুৰবাৰে সংঘটিত হয় এক জঘন্য ঘটনা ৷ জিলাখনৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই নতুন গাঁৱত সংঘটিত হয় এক জঘন্য ধৰ্ষণৰ ঘটনা ৷ ৩৫ বছৰীয়া এজন লম্পটে বিশেষ ভাৱে সক্ষম এগৰাকী 22 বছৰীয়া যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অভিযোগ উত্থাপিত হোৱা লোকজন নামফাই নতুন গাঁৱৰ নিবাসী সোণটো সোণোৱাল ৷
প্ৰাপ্ত খবৰ অনুসৰি, যুৱতী গৰাকীৰ ঘৰত শুকুৰবাৰে সন্ধিয়া নাছিল পৰিয়ালৰ আন কোনো লোক ৷ এই সুযোগ গ্ৰহণ কৰি সোণোৱালে যুৱতী গৰাকীৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বক ভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অভিযোগ উত্থাপন হোৱা ধৃত যুৱকজনক স্থানীয় ৰাইজে কৰায়ত্ত কৰি জাগুন আৰক্ষীক গতাই দিয়ে ৷
ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে লেখাপানী থানাত ৪৫৭ আৰু ৩৭৬ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে শনিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । জাগুনত সংঘটিত হোৱা এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে এই ঘটনাৰ গৰিহণা দি দোষীক উপযুক্ত শাস্তিৰ দাবী তুলিছে বহু কেইটা জাতীয় সংগঠনে ৷
অন্য এক খবৰৰ বাবে: ক'ভিড আতংক আৰু যুৱ প্ৰজন্মৰ কেৰিয়াৰ: কি ক'লে কেৰিয়াৰ মেন্টৰ ৰঞ্জন বৰুৱাই ?