ETV Bharat / state

ভাৰতীয় সেনাৰ অভিযানত তিনিচুকীয়াত NSCN কেডাৰ আটক - আটকাধীন কেডাৰ

শুকুৰবাৰে ভাৰতীয় সেনাৰ এক অভিযানত তিনিচুকীয়া জিলাৰ লিডু চহৰৰ পৰা এজন NSCN (IM) সক্ৰিয় কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ উক্ত কেডাৰ গৰাকীৰ পৰা এটা পইন্ট 22 পিষ্টল, 4 জাই সজীৱ গুলী আৰু 1830 টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

The troops of Indian Army in an operation apprehended one active cadre of NSCN (IM)
ভাৰতীয় সেনাৰ অভিযানত তিনিচুকীয়াত NSCN কেডাৰ আটক
author img

By

Published : Jul 31, 2020, 9:06 PM IST

নিউজ ডেস্ক, 31 জুলাই : দেশত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে ভাৰতীয় সেনাৰ এক অভিযানত তিনিচুকীয়া জিলাৰ লিডু চহৰৰ পৰা এজন NSCN (IM) সক্ৰিয় কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে ৷

শুকুৰবাৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল পি লোংসাই প্ৰকাশ কৰিছে এই তথ্য ৷ গোপন সূত্ৰৰ পম খেদি ভাৰতীয় সেনাৰ এক অভিযানত কেডাৰজনক আটক কৰিবলৈ সক্ষম হোৱা বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে ৷ অভিযোগ অনুসৰি,আটকাধীন কেডাৰ গৰাকীয়ে লিডু তথা মাৰ্ঘেৰিটাৰ সমীপৱৰ্তী অঞ্চলত সক্ৰিয়ভাৱে জড়িত আছিল ৷

আনহাতে,উক্ত কেডাৰ গৰাকীৰ পৰা এটা পইন্ট 22 পিষ্টল,4 জাই সজীৱ গুলী আৰু 1830 টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,ধৃত কেডাৰ গৰাকীক বৰ্তমানে থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : নোনা নৈৰ মথাউৰি ছিগি প্লাৱিত নলবাৰীৰ বিস্তীৰ্ণ এলেকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.