ETV Bharat / state

কাকপথাৰত সৰ্বাত্মক ৰূপত অসম বন্ধৰ প্ৰভাৱ

author img

By

Published : Oct 10, 2020, 3:55 PM IST

বন্ধৰ ফলত স্তব্ধ হৈ পৰে যানবাহন চলাচলৰ লগতে বন্ধ থাকে সকলো দোকান-পোহাৰ ৷একপ্ৰকাৰ অচল হৈ পৰে কাকপথাৰবাসীৰ সামগ্ৰিক জনজীৱনো ৷

The effect of Assam closure on Kakopathar
কাকপথাৰত সৰ্বাত্মক ৰূপত অসম বন্ধৰ প্ৰভাৱ

শদিয়া,10অক্টোবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰে 12ঘণ্টীয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰতো সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰে অসম বন্ধৰ ৷ বন্ধৰ ফলত স্তব্ধ হৈ পৰে যানবাহন চলাচলৰ লগতে বন্ধ থাকে সকলো দোকান-পোহাৰ ৷একপ্ৰকাৰ অচল হৈ পৰে কাকপথাৰবাসীৰ সামগ্ৰিক জনজীৱনো ৷ তদুপৰি বন্ধ সমৰ্থনকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবৰ বাবে চৰকাৰক দাবী জনায় ৷

উল্লেখযোগ্য যে, কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীৰে কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদৰ লগতে জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনে একত্ৰিতভাৱে 12ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল ৷ আনহাতে, কাকপথাৰৰ উপৰিও জিলাখনৰ ডুমডুমা,তালাপ, ধলা, শদিয়া আদি ঠাইতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃগোলাঘাটত হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.