ETV Bharat / state

বাঘজানত উপস্থিত কেন্দ্ৰীয় পেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ - বাঘজান BGR-5 নম্বৰৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদ

সচিব গৰাকীয়ে বাঘজান BGR-5 নম্বৰৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদ পৰিদৰ্শন কৰাৰ লগতে দিয়ামুলী প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে ।

বাঘজানত উপস্থিত ভাৰত চৰকাৰৰ প্ৰেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ

author img

By

Published : Jun 24, 2020, 1:56 AM IST

Updated : Jun 24, 2020, 7:26 AM IST

তিনিচুকীয়া, 24 জুনঃ মঙলবাৰে নিশা তিনিচুকীয়াৰ বাঘজানত উপস্থিত হ'য় ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ । সচিব গৰাকীয়ে বাঘজান BGR-5 নম্বৰৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদ পৰিদৰ্শন কৰাৰ লগতে দিয়ামুলী প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে । সচিব গৰাকীৰ সৈতে অইল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰও উপস্থিত থাকে । অগ্নিকাণ্ড সংঘটিত হোৱা খাদটোত অইল ইণ্ডিয়াৰ লগতে বিদেশী বিশেষজ্ঞই কাম কৰি আছে আৰু ৭ জুলাই তাৰিখে অগ্নিকাণ্ড সংঘটিত হোৱা খাদটোত Blow out Priventer লগোৱা হ'ব বুলি ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম বিভাগৰ সচিব গৰাকীয়ে উল্লেখ কৰে ।

বাঘজানত উপস্থিত ভাৰত চৰকাৰৰ প্ৰেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ

লগতে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতি পূৰণ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে ভৱিষ্যতলৈ যাতে এনে দুৰ্ঘটনা হ'বলৈ নাপায় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে ৷

উল্লেখ যোগ্য যে, বাঘজানৰ তৈল ক্ষেত্ৰৰ 5 নং খাদত 9 জুনত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ 26 মে'ৰ দিনাৰ পৰাই পাইপ ফুটাৰ ফলত অহৰহ নিৰ্গত হৈ আছিল গেছ ৷ বিদেশী বিশেষজ্ঞ আনি গেছ নিৰ্গমণ ৰোধ কৰাৰ চেষ্টা চলোৱাৰ সময়তেই সংঘটিত হৈছিল এই অগ্নিকাণ্ড ৷ ইয়াৰ ফলত বহু লোক গৃহহীন হোৱাৰ লগতে মৃত্যু হৈছিল দুজনকৈ লোকৰ ৷ কেৱল ইমানেই নহয়, চাৰিওদিশে বিয়পি পৰিছিল তেলৰ চামনি ৷ সম্পূৰ্ণ ৰূপে বিনষ্ট হৈ গৈছে অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ ৷

লগতে পঢ়কঃ বাঘজানৰ ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী 30 টাকৈ জাতীয় সংগঠনৰ

Last Updated : Jun 24, 2020, 7:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.