ETV Bharat / state

player Felicitated at Sadiya: সোণৰ পদক বিজয়ী শদিয়াৰ শ্বেতাংগিনী গগৈক সম্বৰ্ধনা

author img

By

Published : Apr 1, 2023, 1:28 PM IST

ওড়িশাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ কিওৰুগি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত শ্বেতাংগিনী গগৈৰ সোণৰ পদক অৰ্জন (National Sub Junior Kyorugi Taekwondo Championship)। তেওঁৰ জন্ম গাঁৱত ৰাইজৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ সম্বৰ্ধনা জ্ঞাপন ।

National SubJunior Kyorugi Taekwondo Championship
ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ কিওৰুগি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

তিনিচুকীয়া,১ এপ্ৰিল: ওড়িশাত অনুষ্ঠিত ৩৬ তম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ কিওৰুগি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত (36th National Sub Junior Kyorugi Taekwondo Championship) অসমৰ শ্বেতাংগিনী গগৈয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ কিওৰুগি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ ৪৭ কিল’গ্ৰাম শাখাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভেৰে গৌৰৱ কঢ়িয়াই অনা শদিয়া মহকুমাৰ তেলিগাঁৱৰ জীয়ৰী শ্বেতাংগিনী গগৈক শুক্ৰবাৰে তেলিকলা গাঁৱত বিপুল আদৰণি জনোৱা হয় । তেওঁৰ লগতে আন দুগৰাকী উদীয়মান খেলুৱৈকো আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Taekwondo player Felicitated at Sadiya ) ৷

তেলিকলা গাঁৱৰ নিবাসী লাভেশ্বৰ গগৈ আৰু অৰ্পনা বৰুৱা গগৈৰ কনিষ্ঠ কন্যা শ্বেতাংগিনী গগৈ শদিয়াৰ ছেণ্ট থমাছ হাইস্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত (St Thomas High School in Sadiya) ৷ ওড়িশাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উদীয়মান খেলুৱৈগৰাকীয়ে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰাৰ পাছত জন্মস্থান শদিয়াৰ তেলিকলা গাঁৱৰ নিজা ঘৰত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে নমাইল তিনিআলিৰ পৰা গায়ন-বায়ন, ঢোলে-দগৰে আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা খেলুৱৈগৰাকীয়ে বাসগৃহত উপস্থিত হৈ প্ৰথমে ককা-আইতাকৰ সমাধিত সেৱা জনোৱাৰ পিছত ৰাইজৰ লগত মত বিনিময় কৰে ৷ উল্লেখ্য় যে এই প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা শদিয়াৰ অন্য এগৰাকী খেলুৱৈ তথা উক্ত গাঁৱৰ সমীপৱৰ্তী হলৌ গাঁৱৰ নিবাসী ৰুদ্ৰ গগৈ আৰু টুটুমণি গগৈৰ কন্যা দৰিণ গগৈ আৰু খো-খো খেলত ৰাজ্যিক পৰ্যায়ত উজলি উঠা তেলিকলা গাঁৱৰ মনোৰঞ্জন গগৈ আৰু স্মিতা গগৈৰ কন্যা অনুসূয়া গগৈকো স্থানীয় ৰাইজৰ লগতে বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানটোত কেইবাখনো গাঁৱৰ যুৱক সংঘ, শদিয়া গাঁও প্ৰধান সংস্থা, আছু, এ জে ৱাই চি পি, টাইপা আদি সংগঠনে খেলুৱৈ তিনিগৰাকীৰ লগতে প্ৰশিক্ষক আৰু অভিভাৱকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:MasterChef India Winner: নয়নজ্যোতি শইকীয়াৰ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন, দ্বিতীয় স্থানত অসমৰ শান্তা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.