ETV Bharat / state

Special Restaurant at Tinsukia: তিনিচুকীয়াত ৰে'লৰ দবাত নিৰ্মাণ কৰা এখন বিশেষ ৰেষ্টুৰেণ্ট - Special restaurant on railway coach at Tinsukia

তিনিচুকীয়াৰ হিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনত ৰে'লৰ দবাত নিৰ্মাণ কৰা এখন বিশেষ ৰেষ্টুৰেণ্ট মুকলি (New Tinsukia Railway Station)। এই ৰেষ্টুৰেণ্টখনত ৫৫ গৰাকী গ্ৰাহকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰা ব্য়ৱস্থা আছে ।

Special restaurant on  railway coach at Tinsukia
নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনত বিশেষ ৰেষ্টুৰেণ্ট মুকলি
author img

By

Published : Mar 5, 2023, 10:09 PM IST

নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনত বিশেষ ৰেষ্টুৰেণ্ট মুকলি

তিনিচুকীয়া, ৫ মাৰ্চ: তিনিচুকীয়াত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে ৰে'লৰ দবাত নিৰ্মাণ কৰা এখন বিশেষ ৰেষ্টুৰেণ্ট (Special restaurant on railway coach at Tinsukia)। এটা ৰে'লৰ ডবাত উত্তৰ পূৱ সীমান্ত ৰে'লৱেই নিৰ্মাণ কৰিছে এই বিশেষ ৰেষ্টুৰেণ্টখন ৷ সদাব্যস্ত বাণিজ্যিক চহৰ তিনিচুকীয়াৰ হিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই আটকধুনীয়াকৈ সজাইছে এই বিশেষ ৰেষ্টুৰেণ্টখন । ইয়াৰ লগে লগে ষ্টেচনটোত সংযোজিত কৰিছে আন এক প্ৰক্ৰিয়া ৷ ৰেল যাত্ৰী সকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লৱেৰ তিনিচুকীয়া মাণ্ডলীক প্ৰৱন্ধকৰ কাৰ্যালয়ে ১৫ লাখ টকা ব্যয় সাপেক্ষে তিনিচুকীয়া জংচনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত শীত তাপ নিয়ন্ত্ৰিত এইখন বিলাসী ৰেষ্টুৰেণ্ট মুকলি কৰিলে যাত্ৰী সকলৰ লগতে সাধাৰণ জনতাৰ বাবে ৷

উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু ব্যক্তিগত গুৱাহাটীৰ AKG CATERINGPVT LTD প্ৰতিষ্ঠানৰ সৈতে যুটীয়া ভাবে পৰিচালিত হোৱা এই বিলাসী ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰা হৈছে এটা ৰে'লৰ ডবাৰ ভিতৰত ৷ আটকধুনীয়াকৈ সজাই পৰাই যাত্ৰী সকলৰ বাবে ৩ মাৰ্চত মুকলি কৰিলে উজনি অসমৰ ৰে'লৱেৰ প্ৰথমখন ক'চ্চ ৰেষ্টুৰেণ্ট ৷

তিনিচুকীয়া মাণ্ডলীক প্ৰৱন্ধকে যাত্ৰী সকলৰ বাবে মুকলি কৰা এই বিলাসী ৰেষ্টুৰেণ্টেখনে এতিয়া ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে । তদুপৰি ৰেল যাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে ৷ তিনিচুকীয়া ৰে'ল জংচনত অৱস্থিত এই ৰেষ্টুৰেণ্টখনত ৫৫ গৰাকী গ্ৰাহকে একেলগে আৰামদায়কভাবে খোৱা-বোৱা কৰিব পাৰে । বিলাসী ৰেষ্টুৰেণ্টখনত উপলব্ধ চাহ,কফিৰ লগতে থলুৱা অসমীয়া সু-স্বাদু খাদ্যৰো গ্ৰাহকে সোৱাদ ল'ব পৰিব।

উল্লেখযোগ্য যে,নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ সমীপতে আছে ৰে'লৱে বিভাগৰ হেৰিটেজ পাৰ্ক ৷ হেৰিটেজ পাৰ্কখনলৈ বহু লোকৰ আগমন ঘটাৰ লগতে শিশুসকলেও খেলা-ধূলা কৰে ৷ শেহতীয়াকৈ হেৰিটেজ পাৰ্ক আৰু নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ সমীপত নিৰ্মাণ কৰা এই বিশেষ ৰেষ্টুৰেণ্টখনলৈ আগমন ঘটিছে ৰে'ল যাত্ৰীসকলৰ লগতে তিনিচুকীয়া আৰু তিনিচুকীয়াৰ কাষৰীয়া লোকসকলৰ ৷ শনিবাৰে আবেলি বিশেষ ৰেষ্টুৰেণ্টখনত ইমানেই ভিৰ হৈছিল যে নিৰাপত্তাৰক্ষীৰ জৰিয়তে ভিৰ নিয়ন্ত্ৰণ কৰিব লগা হয় ৷ সকলোৰে উদ্দেশ্য এটাই যে ৰে'লৰ ডবাৰ ভিতৰত নিৰ্মাণ কৰা বিশেষ ৰেষ্টুৰেণ্টখনত খাদ্যৰ সোৱাদ লোৱাৰ লগতে এবাৰ ৰে'লৰ ডবাৰ বিশেষ ৰেষ্টুৰেণ্টখন ওচৰৰ পৰা চোৱা ৷

লগতে পঢ়ক:Assam government failed to spend schemes funds: ব্যয় নহ'ল ২০২২ ২৩ বৰ্ষৰ বাজেট আৱণ্টিত বহু ধ্বজাবাহী আঁচনিৰ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.