SEIZURE,SERCH UNDER TINSUKIA DISTRICT AUTHORITY
তিনিচুকীয়াত জিলা প্ৰশাসনৰ অভিযান
তিনিচুকীয়া,5 জুন :তিনিচুকীয়া জিলা প্ৰশাসনে অভিযান চলাই জব্দ কৰে খনিজ তেল, কনডেন্স আৰু চলিশ বস্তা অবৈধ ভাৱে মজুত ৰখা ইলাচী জব্দ কৰে ৷ মঙলবাৰে নিশা গোপন খবৰৰ ভিত্তিত তিনিচুকীয়া জিলা প্ৰশাসনে অভিযান চলাই জব্দ কৰে সামগ্ৰীখিনি ৷
তিনিচুকীয়াৰ থাৰমেল গেটৰ সমীপৰ বালুগদাত অভিযান চলাই পৱন চানহাৰীয়া নামৰ লোকজনৰ ঘৰৰ চৌহদৰ এটা গোদাম ঘৰৰ পৰা অবৈধ ভাৱে মজুত ৰখা বৃহৎপৰিমাণৰ খনিজ তেল ,কনডেন্স আৰু চলিশ বস্তা ইলাচী জব্দ কৰে । তিনিচুকীয়াৰ অতিৰিক্ত দণ্ডাধীশ পংকজ বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত দুখন মাৰুটি ভান,কনডেন্স ভৰ্ত্তি এখন বলে'ৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । নথি-পত্ৰ বিহীন গোদামতো দণ্ডাধীশ পংকজ বৰাই সম্পূৰ্ণ ৰূপে ছীল কৰে। ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই চোৰাং ব্যৱসায়ী পৱন চানহৰীয়াই পলায়ন কৰে।
অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি পৱন চানহৰীয়াই আৰক্ষী আৰু জিলা প্ৰশাসনৰ চকুত ধূলি দি অইলৰ চোৰাং তেল,অবৈধ ইলাচীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।