ETV Bharat / state

শদিয়া ঘুমতিবিল আদৰ্শ চিকিৎসালয় উদ্বোধন মন্ত্ৰী পিযুষ হাজৰিকাৰ

author img

By

Published : Jan 10, 2021, 3:53 PM IST

আগন্তুক বিধানসভা নিৰ্বাচনকলৈ এতিয়া যেন তৎপৰ হৈ পৰিছে শাসন বিৰোধী ৰাজনৈতিক দল ৷ এফালে যদি বিৰোধীয়ে বিভিন্ন ৰাজনৈতিক কৌশল অৱলম্বন কৰি শাসকীয় দলক শলঠেকত পেলাবলৈ চেষ্টা অব্য়াহত ৰাখিছে ৷ আনহাতে শাসকীয় দলেও নিৰ্বাচনৰ পূৰ্বে বিভিন্ন নতুন আঁচনি ঘোষণা আৰু আঁচনি ৰূপায়নেৰে জনতাৰ মন জয়ৰ চেষ্টা কৰি আহিছে ৷

sadiya-model-medical-opening-news
শদিয়া ঘুমতিবিল আদৰ্শ চিকিৎসালয় উদ্বোধন মন্ত্ৰী পিযুষ হাজৰিকাৰ

শদিয়া, 10 জানুৱাৰী : শদিয়া মহকুমাৰ ঘুমতিবিলত দেওবাৰে ৩০ খন বিচনাযুক্ত এখন আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই ৷ স্থানীয় বিধায়ক বলিন চেতিয়া, সাংসদ প্ৰদান বৰুৱাক লগত লৈ মন্ত্ৰীজনে সংবাদমাধ্যমৰ আগত অসম জাতীয় দলক জাবৰৰ দল আৰু ৰাইজৰ দলক ৰাইজ নথকা দল বুলি কটাক্ষ কৰে ।

আগন্তুক ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ লগতে মূল যুঁজ হ‘ব আৰু বিজেপি দলে চৰকাৰ গঠন কৰিব তথা অসম জাতীয় দল আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী সকলে আমানতৰ ধন হেৰুৱাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই । তদুপৰি ১২৬ নং শদিয়া বিধানসভা সমষ্টিত বলীন চেতিয়াই প্ৰাৰ্থীত্ব লাভ কৰিলে বিপুল ভোটত চতুৰ্থ বাৰৰ বাবে জয় লাভ কৰিব বুলিও ভাষ্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, বহু দিনৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰা ঘুমতিবিল আদৰ্শ চিকিৎসালয় খন নিৰ্বাচনৰ পূৰ্বে দুই তিনিজন চিকিৎসকক নিযুক্তি দিয়েই খৰ খেদাকৈ উদ্বোধন কৰাা কাৰ্যই বিশেষ তাৎপৰ্যবহন কৰিছে ৷

লগতে পঢ়ক : ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.