তিনিচুকীয়া, 3 মে': ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পাচতো উদ্ধাৰ হোৱা নাই শদিয়াৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা তিনি গৰাকীকৈ ব্যক্তিৰ ৷ বৃহস্পতিবাৰে দিনত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা তিনি গৰাকী ব্যক্তিৰ উদ্ধাৰ অভিযানত প্ৰশাসন ব্যৰ্থ বুলি অভিযোগ অঞ্চলবাসীৰ ৷ বৃহস্পতিবাৰৰ পৰা এছডিআৰএফ বাহিনীৰ এটা পাঁচ জনীয়া দলে উদ্ধাৰ অভিযান চলাই থকাৰ পাচতো এজনো লোকৰ সম্ভেদ লাভ নকৰাত ক্ষোভিত হৈ পৰিছে পৰিয়ালবৰ্গকে ধৰি অঞ্চলবাসী৷
আনহাতে, শংকৰ গুঞ্জু আৰু ফুল গুঞ্জু নামৰ দম্পতি হালে হাতত ধৰা ধৰি কৈ পানীত পৰাৰ বাবেই বালিয়ে দম্পতিহালক পুতি পেলোৱাৰ সন্দেহ কৰে এছডিআৰএফ বাহিনী ৷ লগতে আনগৰাকী সন্ধানহীন ব্যক্তি ভায়া গোৱালাক সম্ভৱত 4 মে'ৰ ভিতৰত উদ্ধাৰ কৰিব পৰা যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এছডিআৰএফ বাহিনীয়ে ৷
উল্লেখ্য যে, শুকুৰবাৰে পুৱা ভাগত তিনিচুকীয়াৰ উপায়ুক্তই ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ বুজ লোৱাৰ উপৰিও শদিয়াৰ অতিৰিক্ত উপায়ুক্ত ভাৰ্গৱ গোস্বামীৰ নেতৃত্বত নিজেই উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে ৷