তিনিচুকীয়া,29 মাৰ্চ: ৰঙৰ উৎসৱ ফাকুৱাৰ দিনাই তেজেৰে ৰাঙলী হ'ল তিনিচুকীয়াৰ ৰাজপথ ৷ দুটাকৈ পথদুৰ্ঘটনাই জোকাৰি গ'ল সমগ্ৰ তিনিচুকীয়া চহৰ ৷ তিনিচুকীয়াৰ হিজুগুৰি অঞ্চলত এম্বুলেন্স আৰু মটৰ চাইকেলৰ মাজত হোৱা দুৰ্ঘটনাই ক্ৰমাৎ হিংসাত্মক ৰূপ লৈছে চহৰখনত ৷ ঘটনা অনুসৰি হিজুগুৰি অঞ্চলত তীব্ৰ বেগী এম্বুলেন্সৰ খুন্দাত জৈনক মধু নামৰ এজন যুৱক গুৰুতৰ ভাৱে আহত হোৱাৰ পাচতে উত্তপ্ত হৈ পৰে চহৰখন ৷ আঘাত প্ৰাপ্ত যুৱকজনক ডিব্ৰুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উত্তেজিত হৈ পৰে স্থানীয়লোক সকল ৷
ইফালে, উত্তেজিত লোকে এম্বুলেন্সখন ভাঙি চুৰমাৰ কৰাৰ পাচতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও অধিক উত্তপ্ত হৈ পৰে স্থানীয় লোক ৷ স্থানীয় ৰাইজে এম্বুলেঞ্চ খন জ্বলাই দিয়াৰ উপক্ৰম হোৱাত আৰক্ষী বাহিনীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয়। লাঠি চাৰ্জৰ পাচতহে পৰিস্থিতি সাম কাটে যদিও বৰ্তমানেও অঞ্চলজুৰি চেপা-উত্তেজনা বিৰাজ কৰি আছে ৷
লগতে পঢ়ক: সাপেখাতী সমীপৰ দিচাং নদীত প্ৰাণ হেৰুৱালে এজন কিশোৰে