ETV Bharat / state

ডুমডুমাত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

author img

By

Published : Oct 21, 2020, 11:21 AM IST

ডুমডুমাৰ ৰূপাই বিজয় নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত স্ৱামী, গুৰুতৰভাৱে আহত পত্নী ৷ নিহত স্ৱামী মুনমুন সোণোৱালৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ,পত্নী মনালিছা খাকলাৰীৰ অৱস্থা সংকটজনক ৷

Road accident at Dumduma
ডুমডুমাৰ ৰূপাই বিজয় নগৰত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত মহিলা

ডুমডুমা 21 অক্টোবৰ :মঙলবাৰে নিশা ডুমডুমাৰ ৰূপাই বিজয় নগৰৰ বৌধ মন্দিৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰূপাইৰ পৰা ধলা অভিমুখে গৈ থকা দ্ৰুতবেগী অল্ট' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা বৈদ্যুতিক খুটাত খুন্দিয়াই পথৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাত অল্ট' বাহনখনৰ চালকৰ আসনত থকা মুনমুন সোণোৱাল (২৮) নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বাহনখনত থকা মুনমুন সোণোৱালৰ পত্নী মনালিছা খাকলাৰী গুৰুতৰভাৱে আহত হয় ।

Road accident at Dumduma
ডুমডুমাত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

স্থানীয় লোকৰ সহযোগত দুৰ্ঘটনা পতিত দুয়োগৰাকীকে ৰূপাইস্থিত ডি.চি. বৰা নাৰ্চিং হোমলৈ লৈ অনা হয় । পৰৱৰ্তী সময়ত দুৰ্ঘটনা সংঘটিত হোৱা স্থানত ডুমডুমা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত নিহত মুনমুন সোণোৱালৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে । সদ্য বিবাহিত দুই পতি পত্নীৰ ঘৰ ধলা শংকৰ চাহ বাগিচাত । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা মনালিছা খাকলাৰীৰ অৱস্থা অতি সংকটজনক । উল্লেখ্য যে কিছুদিন পূৰ্বে দুয়োগৰাকী আৱদ্ধ হৈছিল বিবাহ পাষত ৷

লগতে পঢ়ক : ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা উৎপলক আপোনাৰ সহায়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.