ETV Bharat / state

Review meeting in Tinsukia: তিনিচুকীয়াত খেলিমেলি নোহোৱাকৈ আচঁনিৰ কাম কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ

author img

By

Published : Jan 9, 2023, 8:59 PM IST

তিনিচুকীয়া জিলা উন্নয়ন সমিতিৰ পৰ্যলোচনা সভা সম্পন্ন (Review meeting of Tinsukia Development Committee)। উক্ত সভাত উপায়ুক্ত নৰসিং পাৱাৰে জিলাখনত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনিৰ বিষয়ে বুজ লয় । তেওঁ প্ৰতিটো বিভাগৰ মুৰব্বীক নিৰ্ধাৰিত সময়ত খেলিমেলি নোহোৱাকৈ আচঁনিৰ কাম কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।

Review meeting of Tinsukia Development Committee
তিনিচুকীয়া জিলা উন্নয়ন সমিতিৰ বৈঠক

তিনিচুকীয়া, ৯ জানুৱাৰী: তিনিচুকীয়া জিলা উন্নয়ন সমিতিৰ চলিত মাহৰ বৈঠক সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় (Review meeting in Tinsukia)। এই সভাখনৰ সঞ্চালনা কৰে উপায়ুক্ত নৰসিং পাৱাৰে (DC of Tinsukia Narsing Pawar)। জিলাখনৰ উন্নয়ন সমিতিৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,বন, কৃষি, পশুপালন, মীন, স্বাস্থ্য, শিক্ষা, পৰিবহণ, লোকনিৰ্মাণ পথ, লোকনিৰ্মাণ গৃহ, জলসম্পদ, জলসিঞ্চন, ৰেচম, হস্ততাঁত-বস্ত্ৰশিল্প আদিৰ বিষয়ে আলোচনা কৰা হয় । উক্ত বৈঠকখনত জিলাখনৰ সকলো উন্নয়নী বিভাগৰ বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে ।

জিলা উপায়ুক্ত নৰসিং পৱাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণৰ অধীনত ৰূপায়ন হৈ থকা আচঁনিৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় (Mahatma Gandhi National Employment Guarantee)। তদুপৰি অমৃত সৰোবৰ আচঁনিৰ (Amrit Sarovar scheme) অগ্ৰগতিৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, জল-জীৱন মিছন (Jal Jeevan Mission), প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, ধান ক্ৰয়ৰ অগ্ৰগতিৰ সম্পৰ্কেও বুজ লয় । লগতে অন্যান্য বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰা হয় ।

উপায়ুক্ত নৰসিং পাৱাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণৰ অধীনত জিলাখনত দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ বাবে আচঁনি যুগুতাৱলৈ খণ্ড উন্নয়ন বিষয়াসকলক আহ্বান জনায় । ইয়াৰ লগতে অগৰু, চোম আৰু চন্দন গছৰ পুলি ৰোপণৰ বাবে যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰিবলৈ উপায়ুক্তগৰাকীয়ে খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়েই যাতে সময়মতে গৃহ লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক তেওঁ নিৰ্দেশ দিয়ে । জিলা উপায়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগৰে জনকল্যাণমূলক আচঁনিসমূহৰ পৰা অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে ।

উপায়ুক্ত পাৱাৰে প্ৰতিটো উন্নয়নী বিভাগৰ মুৰব্বী বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনোধৰণৰ খেলিমেলি নোহোৱাকৈ আচঁনিসমূহৰ কাম সম্পন্ন কৰিবলৈ আহ্বান জনায় । আজিৰ উক্ত বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত তথা অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত পলাশ ৰাজকুমাৰ আহোম, অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Reaction on bodo leaders arrested: আইনৰ দৃষ্টিত ভুল প্ৰমাণিত হ’লে শাস্তি পোৱাটো স্বাভাৱিক, বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.