শদিয়া,26 মে’: ৰাজ্যত ক’ভিড-19 এ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ বৃহত্তৰ কাকপথাৰ অঞ্চলৰো বিভিন্ন প্ৰান্তত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ বৰ্তমান, আংশিক লকডাউনৰ সময়ছোৱাত হোম কোৱাৰেন্টাইনত থকা পৰিয়াল সমূহৰ লগতে দৰিদ্ৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ত্বেশ্বা ফাউণ্ডেছন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷
ত্বেশ্বা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক গদা চেলেঙৰ নেতৃত্বত বৰডিৰাক অঞ্চলত চাৰিটাকৈ নামঘৰৰ প্ৰায় চাৰিশ পৰিয়ালৰ মাজত চাউল, আলু, দাইল, মিঠাতেল ইত্যাদি বিতৰণ কৰে ৷ সমান্তৰালভাৱে, বিগত কেইটামান দিনত মাইঠঙত প্ৰায় ৩০০ পৰিয়াল, ডিৰাক চুমনি, চুমনি চাপৰিত প্ৰায় ৩০০ পৰিয়ালসহ মুঠ ১০০০ তকৈ অধিক পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে ত্বেশ্বা ফাউণ্ডেছনে ৷
উল্লেখ্য যে, ইয়াৰ আগতেও দিল্লী আৰু ডিব্ৰুগড়ত কৰ’ণা আক্ৰান্তক অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ত্বেশ্বা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক গদা চেলেঙে ৷ ভৱিষ্যতেও ৰাইজক সহায় সহযোগ কৰি যোৱাৰ কথা জানিবলৈ দিয়াৰ লগতে ইচ্ছুক ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে ত্বেশ্বা ফাউণ্ডেছনৰ জৰিড়তে ৰাইজক সহায় কৰিব বিচাৰিলে 921020016584037, IFSC UTIB0003219 একাউন্ট অৰ্থবা 8800314586 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাই সংস্থাটোৰ প্ৰতিষ্ঠাপক গৰাকীয়ে ৷
লগতে পঢ়ক :ওদালগুৰিত ৭ জন এনএলএফবি কেডাৰ গ্ৰেপ্তাৰ