ETV Bharat / state

ঘৰতে থাকি কুশলে থাকিবলৈ ঘৰ নাই লাইকা-দধিয়াবাসীৰ - TMPK

মহামাৰীৰ সময়তো থাকিবলৈ ঘৰ নাই লাইকা-দধিয়াবাসীৰ ৷ দীৰ্ঘদিনৰ আন্দোলনৰ পিছতো লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ বিষয় আজিও উপেক্ষিত ৷ কেইবাবাৰো তিনিচুকীয়া জিলা ভ্ৰমণ কৰা মুখ্যমন্ত্ৰীয়ে লোৱা নাই লাইকা-দধিয়াবাসীৰ মনৰ খবৰ ৷

reestablishment-of-people-of-laika-dadhia-in-assam-is-still-an-unattained-political-promise
ঘৰতে থাকি কুশলে থাকিবলৈ ঘৰেই নাই লাইকা-দধিয়াবাসীৰ
author img

By

Published : Jun 23, 2021, 7:28 PM IST

তিনিচুকীয়া, 23 জুন : এফালে মহামাৰীৰ দ্বিতীয়টো লহৰৰ তাণ্ডৱত ব্যাহত হৈছে ৰাজ্যৰ জনজীৱন ৷ এনে পৰিস্থিতিত সকলোতে চৰ্চিত হৈছে 'ঘৰতে থাকক কুশলে থাকক' শীৰ্ষক শ্লোগান ৷ একে সময়তে থাকিবলৈ এটা ঘৰ নাই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী লাইকা-দধিয়াবাসীৰ ৷ তিৰপালৰ চালিৰ তলত অঘৰীৰ দৰে জীৱন যাপন কৰিছে লাইকা-দধিয়াৰ প্ৰায় এশ পঞ্চাশটা পৰিয়ালে ৷

স্বৰাজোত্তৰ ভাৰতবৰ্ষই বহুকেইটা দশক পাৰ কৰাৰ পিছতো অসমৰ দৰে দেশৰ অংগৰাজ্য এখনৰ লাইকা দধিয়াবাসী হাজাৰজন লোকৰ মাজত পানীৰ বাবে নাই এটা টিউবেলৰ ব্যৱস্থা ৷ উল্লেখযোগ্য যে, 1999 চনত ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ সময়ত লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপনৰ আশ্বাস দিয়া হৈছিল ৷ সেই সময়ত ৰাজ্যত তদানীন্তন অৱস্থাত থকা অসম গণ পৰিষদ চৰকাৰে(Incumbent AGP government ) লাইকা-দধিয়াবাসীৰ বাবে বনগাঁৱসমূহ পুনৰ সংস্থাপন কৰাত ব্যৰ্থ হোৱাৰ পিছত ইখনৰ পিছত সিখন চৰকাৰে বৰ্তমান পৰ্যন্ত এইসকল জনতাৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নহ’ল ৷ বনগাঁও সংস্থাপনৰ প্ৰক্ৰিয়াটোৱে আজিও কাৰ্যকৰী ৰূপ নাপালে ৷

ঘৰতে থাকি কুশলে থাকিবলৈ ঘৰেই নাই লাইকা-দধিয়াবাসীৰ

পৰৱৰ্তী পৰ্যায়ত মিচিং জাতীয় সংগঠন টিএমপিকে(Takam Mising Porin Kebang)ৰ লগতে গাঁৱবাসীয়ে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দীঘদিনজোৰা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ ইয়াৰ ফলস্বৰূপে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে লাইকা-দধিয়াবাসীক অসমৰ বিভিন্ন প্ৰান্তত পুনৰ সংস্থাপন কৰাৰ লগতে ইয়াৰে ১৫০ টা পৰিয়ালক তিনিচুকীয়া জিলাৰ জাগুনৰ টাপুত ৭২ হেক্টৰ মাটিত সংস্থাপনৰ ব্যৱস্থা কৰিছিল ৷ এই সম্পৰ্কত স্থানীয় ৰাইজৰ বিৰুদ্ধাচৰণ আৰু সেই সময়ত সমাগত অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে লোকসকলক পুনৰ সংস্থাপনৰ বিষয়টো পুনৰ কাৰ্যকৰী নহ'ল ৷

ৰাজ্যত নিৰ্বাচন পাৰ হৈ নতুন চৰকাৰ গঠন হোৱাৰো মাহ বাগৰিল ৷ কিন্তু আগৰ চৰকাৰৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতিৰ ৰূপতেই থকাত স্বাভাৱিকতে এতিয়া লাইকা-দধিয়াবাসীৰ বিষয়টোক লৈ ক্ষুণ্ণ হৈ পৰিছে লাইকা-দধিয়াবাসী ৰাইজ ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(chief minister of Assam Himanta Bishwa Sarma)ই শাসনভাৰ গ্ৰহণ কৰাৰে পৰা কেইবাবাৰো তিনিচুকীয়া ভ্ৰমণ কৰিও লাইকা-দধিয়াৰ জাগুন কেম্পত এবাৰো খবৰ নোলোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । আনহাতে, দুই-তিনিদিনৰ ভিতৰত সংস্থাপনৰ ব্যৱস্থা নকৰিলে জংঘল কাটি ঘৰ বনাব বুলিও সম্প্ৰতি হুংকাৰ প্ৰদান কৰিছে ৰাইজে ।

লগতে পঢ়ক : শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.