তিনিচুকীয়া, ২২ এপ্ৰিল : শনিবাৰে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত আয়োজন কৰা হয় আমাৰ ৰঙালী বিহু শীৰ্ষক এক অনুষ্ঠান ৷ এদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিহুগীতত কঁকাল ঘূৰাই নাছিলে মাৰোৱাৰী, ভোজপুৰী, বঙালী আদি ভিন্ন সম্প্ৰদায়ৰ নাচনীয়ে (Unique Bihu celebrates in Tinsukia)৷
উল্লেখ্য যে, উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ উদ্যোক্তাসকলৰ অনুৰোধ মৰ্মে শ্ৰম মন্ত্ৰীগৰাকীয়ে সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ পাচতে বাদ্যযন্ত্ৰকাৰীসকলৰ সহযোগিতাত অতি সুন্দৰকৈ এটি বিহুগীত পৰিৱেশন কৰে ৷
শনিবাৰে আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে তিনিচুকীয়া সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰামজীৱন সুৰেখাই বিহুৰ পতাকা উত্তোলন কৰে । স্মৃতি তৰ্পন কৰে আমাৰ ৰঙালী বিহু আয়োজক সমিতিৰ সভাপতি বিনোদ ঘোৰাৱটে । এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক সঞ্জয় কিষাণ, তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত জিলা উপায়ুক্ত মঞ্জিত বৰকাকতি, তিনিচুকীয়া আৰু চাবুৱাৰ প্ৰাক্তন বিধায়ক ক্ৰমে ৰাজেন্দ্ৰ প্ৰসাদ সিং, ৰাজু চাহু, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মীৰা সিং ৷
লগতে উপস্থিত থাকে তিনিচুকীয়া উকীল সন্থাৰ সম্পাদক বিশ্বজিৎ প্ৰসাদ, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণ, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা ৷
আনকি অসম ভোজপুৰী সাহিত্য সভাৰ সভাপতি উদয় নাৰায়ণ উপাধ্যায়, সমাজকৰ্মী সঞ্জয় সিংৰ উপৰিও মাৰোৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়া আৰু প্ৰগতি শাখা তিনিচুকীয়া, অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অজয় সিং মুন্না, হিন্দীভাষী মহিলা মঞ্চৰ সভানেত্ৰী হীৰা দেৱী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিসহ বিভিন্ন ভাষা-ভাষী সমাজৰ লোকো উপস্থিত থাকে ৷
উক্ত অনুষ্ঠানত সমীৰণ বসু, নাৰায়ণ শৰ্মা, হাজী মহম্মদ মকবুল, চৰ্দাৰ কুন্দন সিং, লক্ষ্মণ প্ৰসাদ, বাৰেকুৰিৰ জলিন চেতিয়া, দীনেশ সাহা আৰু মহম্মদ ছাবিৰক নিজ নিজ ক্ষেত্ৰত লাভ কৰা বিশেষ সফলতাৰ কাৰণে সম্বৰ্ধনা পত্ৰৰেও এক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ তাৰ পাচতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এক সংগীতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই সংগীতানুষ্ঠানত মাৰোৱাৰী, ভোজপুৰী, বাংলা, নেপালী সমাজৰ মহিলাসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে ৷
লগতে পঢ়ক : Eid Ul Fitr 2023: ৰাজ্যজুৰি পবিত্ৰ ঈদ উল ফিটৰ উদযাপন