ETV Bharat / state

ডুমডুমা বন সংমণ্ডল বনাঞ্চলত বন ধ্বংসযজ্ঞ - বনদস্যুৰ বন ধ্বংসযজ্ঞ

তিনিচুকীয়াত বন মাফিয়াৰ দৌৰাত্ম্য ৷ ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ কাকজান, নলনী আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা চলিছে বন ধ্বংসযজ্ঞ ৷ চকুমুদা কুলিৰ ভাও দি আছে বন বিভাগে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ (Deforestation in Doomdooma) ৷

Deforestation in Doom Dooma
তিনিচুকীয়াত বন মাফিয়াৰ দৌৰাত্ম্য
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 10:45 AM IST

তিনিচুকীয়াত বন মাফিয়াৰ দৌৰাত্ম্য

তিনিচুকীয়া, ১৮ নৱেম্বৰ : চৌদিশে গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে অসম চৰকাৰে বজাই আছে ঢাক ঢোল ৷ কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল-সীমান্তৰ একাংশ বনাঞ্চলত বন মাফিয়াৰ অবাধ বন ধ্বংসযজ্ঞৰ নমুনা ৷ বিশেষকৈ ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ কাকজান, নলনী আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা বন ধ্বংস অভিযানৰ এক ভয়াৱহ দৃশ্য বন্দী হৈছে কেমেৰাত ।

বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবেই বনদস্যুৱে বন ধ্বংসযজ্ঞ কৰিবলৈ সাহস পাইছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ স্থানীয় ৰাইজৰ অভিযোগ, অসম চৰকাৰৰ বন বিভাগ এতিয়া অস্তিত্বহীন । গছপুলি ৰোপণেৰে বিশ্ব অভিলেখৰ চমক দিয়া চৰকাৰখনৰ বনাঞ্চলৰ সংৰক্ষণ আৰু সুৰক্ষা প্ৰতি তিলমানো দায়িত্ব নাই ৷ এয়া তাৰে মাত্ৰ এটা সৰু উদাহৰণ মাথোঁহে ।

স্থানীয় ৰাইজৰ অভিযোগ, তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ কাকজান, নলনী আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগত এতিয়া নিমিষতে শেষ হৈ গৈছে মূল্যবান গছসমূহ । হোলোং, লালী, শিমলু, শিলিখা আদি মূল্যৱান গছ কাটি বন মাফিয়াই এফালৰ পৰা বন ধ্বংস চলাই গৈছে ।

কিন্তু চৰম পৰিতাপৰ কথা যে এনে অবাধ বন ধ্বংস নিয়ন্ত্ৰণ কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা লোৱাৰ সাহস কৰিব পৰা নাই ৰাজ্যৰ বিয়াগোম বন বিভাগে । অত্যাধুনিক যন্ত্ৰৰ সহায়লৈ বন মাফিয়াই নিশাটোৰ ভিতৰতে এনেদৰে নিঃশেষ কৰি গৈছে একো একোখন চহকী বনাঞ্চল ।

এই সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিচতো বন মাফিয়া চক্ৰৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পৰা নাই বিয়াগোম বন বিভাগে । বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ‌ ব্যৰ্থ বন বিভাগৰ একাংশ বিষয়া-কৰ্মীৰে ঘনিষ্ঠতা থকাৰ বাবে তিনিচুকীয়া জিলাৰ কাকজান, নলনী আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত বন মাফিয়াই মুকলিকৈ এই ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, নিহত 5 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.