মাৰ্ঘেৰিটা, 23 মে': লোকসভা নিৰ্বাচন 2019ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে 3 লাখৰো অধিক ভোটত জয় লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷
ইপিনে জয়লাভ কৰাৰ পাচতেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছে বুলি জানিবলৈ দিয়ে ৰামেশ্বৰ তেলীয়ে ৷