ETV Bharat / state

বাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ

author img

By

Published : Nov 11, 2020, 2:33 PM IST

বাঘজান কাণ্ডই আজি প্ৰায় 5 মাহৰো অধিক সময় অতিক্ৰম কৰিলে ৷ কিন্তু আজিও জ্বলি আছে বাঘজানৰ অভিশপ্ত BGR 5 নং তৈলখাদ ।

baghjan fire updates
baghjan fire updates

তিনিচুকীয়া, 11 নবেম্বৰ : তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ । বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চল নতুন ৰঙাগড়া গাঁৱৰ ৰাইজৰ প্ৰতিবাদত উত্তাল হৈ পৰিল উপায়ুক্তৰ কাৰ্যালয় । ক্ষতিপূৰণ পোৱাৰ দাবীত এই প্ৰতিবাদ ৷ বাঘজানৰ অইলৰ খাদত যি জুই লাগিছিল সেই জুই এতিয়াও জ্বলিয়েই আছে ৷ নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অইলৰ কৰ্তৃপক্ষ। কিন্তু এতিয়াও অগ্নি নিৰ্বাপনৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে অইল কৰ্তপক্ষই ।

baghjan fire updates
তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

বাঘজান কাণ্ডই আজি প্ৰায় 5 মাহৰো অধিক সময় অতিক্ৰম কৰিলে ৷ কিন্তু আজিও জ্বলি আছে বাঘজানৰ অভিশপ্ত BGR 5 নং তৈলখাদ । বাঘজান অগ্নি কাণ্ডৰ ফলত পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ লগতে মাগুৰি মতাপুং বিল আৰু ডিব্ৰু-চৈখোৱাত বহু প্ৰভাৱ পৰিছে ৷ যাৰ ফলত মাগুৰি বিলৰ মাছৰ সংখ্যা কমিব ধৰিছে আৰু ডিব্ৰু-চৈখোৱা উদ্যানৰ জীৱ-জন্তু, পৰিভ্ৰমী চৰাই চিৰিকতিৰ সংখ্যাও কমিব ধৰিছে।

বাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ

বুধবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহত্তৰ নতুন ৰঙাগড়া গাঁৱৰ প্ৰায় সাত শতাধিক ৰাইজে নিজৰ ক্ষতিপূৰণ বিচাৰি অইল ইণ্ডিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সব্যস্ত কৰে । যদি অইল ইণ্ডিয়াই তেওঁলোকক নিজৰ ক্ষতিপূৰণ নিদিয়ে তেন্তে এই প্ৰতিবাদ দিছপুৰলৈ লৈ যোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.