ETV Bharat / state

পুনৰ প্ৰতিবাদত বহিল বাঘজানবাসী - EPS

প্ৰতিকূল বতৰৰ মাজতো পুনৰ প্ৰতিবাদত নামিছে বাঘজান-দীঘলটৰংবাসীয়ে ৷ 14 তাৰিখৰ সময়সীমা উকলি যোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে বাঘজান-দীঘলটৰংবাসীয়ে। ক্ষতিপূৰণৰ ওপৰত যেতিয়ালৈকে সঠিক আলোচনা নহয় তেতিয়ালৈকে EPS ৰ সকলো কাম-কাজ বন্ধ কৰি দিয়ে ৰাইজে ।

protest-at-baghjan
প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদত বাঘজানবাসী
author img

By

Published : Jul 15, 2021, 10:25 PM IST

তিনিচুকীয়া, 15 জুলাই : বাঘজানৰ কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে ৷ 173 দিনৰ অন্তত জুই নিৰ্বাপিত হৈছিল অভিশপ্ত বাঘজান কাণ্ডৰ ৷ কিন্তু আজিও শেষ হোৱা নাই বাঘজানবাসীৰ দুৰ্দশা ৷ আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ নাপালে বাঘজানবাসীয়ে ৷

বৃহস্পতিবাৰে পুৱা 8:00 বজাৰ পৰা পুনৰ বাঘজান ইপিএচ ৰ সন্মুখত বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত প্ৰতিকুল বতৰৰ মাজতে উত্তাল ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰবন্ধক বিষয়ালৈ যোৱা 11 জুলাই তাৰিখে (দেওবাৰে) স্মাৰক পত্ৰ প্ৰেৰণ কৰি 14 তাৰিখৰ ভিতৰত দাবী মানি ল'বলৈ সকীয়াই দিছিল । কিন্তু ইয়াৰ পাছতো কোনো ফলাফল নোপোৱাত বাঘজান-দীঘলটৰংবাসীয়ে আজি পুনৰ নামিছে প্ৰতিবাদত ৷

প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদত বাঘজানবাসী

বাঘজানৰ জৈৱ-বৈচিত্ৰ তথা বাঘজানৰ সমগ্ৰ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ ওপৰত শেহতীয়াকৈ অসমৰ বন বিভাগৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ প্ৰতিবেদনত তথ্য প্ৰকাশ পোৱাৰ পাচতে পুনৰ ক্ষোভৰ জুই জ্বলিছে বাঘজানবাসীৰ মাজত ৷ বাঘজান অঞ্চলৰ জৈৱ-বৈচিত্ৰ তথা পাৰিপাৰ্শ্বিক ক্ষয়-ক্ষতিৰ ওপৰত যোৱা ৭ জুন তাৰিখে অসমৰ বন বিভাগৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল । এই প্ৰতিবেদনত পাইছে কেইবাটাও বিস্ফোৰক তথ্য ৷

সময়সীমা উকলি যোৱাত অত্যন্ত ক্ষোভিত হৈ বাঘজান-দীঘলটৰং অঞ্চলৰ প্ৰায় পাঁচশতাধিক লোকৰ উপস্থিতিত আৰু আটছা,বাঘজান-দীঘলটৰং উন্নয়ন সমিতিৰ সহযোগত ইপিএচ ৰ সন্মুখত বাঘজান অঞ্চলত অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ তথা উৎপাদন সম্পূৰ্ণ বন্ধ কৰি ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে । উল্লেখযোগ্য যে, জৰীপ কৰা এক তথ্য অনুসৰি বাঘজান কাণ্ডত প্ৰায় 1600 টা পৰিয়ালৰ ক্ষতি হৈছিল ।

এই পৰিপেক্ষিতত বিগত সপ্তাহত বাঘজানৰ EPS তৈল খাদৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে বাঘজানবাসীয়ে ৷ অতি শীঘ্ৰ উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে বাঘজানবাসীয়ে ৷ অসমৰ বন বিভাগৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ তথ্যৰ ওপৰত ভিত্তি কৰি বাঘজান অঞ্চলৰ 612 টা পৰিয়ালক অতি শীঘ্ৰে 100% ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ দাবী জনাই বাঘজানৰ প্ৰতিবাকাৰীয়ে ৷

লগতে পঢ়ক:সুৰাৰ দোকানত বহি বান্দৰে খালে Raw Peg

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.