তিনিচুকীয়া, ২৭ মে': ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বাবে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনক ৰাইজৰ পহুখেদা (Public angry against MLA Suren Phukan)। শুকুৰবাৰে জিলাখনৰ মাকুমৰ বেতজান চাহ বাগিচাৰ ৰাচি লাইনত এটা অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন । পিছে বিধায়কগৰাকীৰ গুৰু বেয়া আছিল । সেয়েহে অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈয়ে বিপদত পৰিল বিধায়কগৰাকী । ৰাইজৰ ৰোষত পৰিল ডিগবৈৰ বিধায়ক সুৰেন ফুকনসহ তেওঁৰ স'তে থকা নেতা-দলীয় কৰ্মীসকল (Public protest in Makum) ৷ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি শেষত সেই স্থানৰ পৰা উপায়ন্তৰ হৈ পলায়ন কৰিবলৈ বাধ্য হয় বিধায়কজন ।
ঘটনাৰ বিৱৰণী অনুসৰি,শুকুৰবাৰে আধাৰশিলা স্থাপনৰ প্ৰস্তাৱিত স্থানত বিধায়কগৰাকী উপস্থিত হোৱাৰ পিছত স্থানীয় ৰাইজে বহু প্ৰশ্নৰে থকা সৰকা কৰে বিধায়কগৰাকীক ৷ উল্লেখ্য যে, কিছুদিনৰ আগত বেতজানবাসী ৰাইজৰ ৰাস্তা আদি কৰি পানী যোগান আঁচনিৰ জৰাজীৰ্ণ অৱস্থা সংবাদমাধ্যমৰ জৰিয়তে বিস্তৃতভাৱে প্ৰকাশ কৰা হৈছিল যদিও সেই কথাবোৰক বিধায়কগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে (Protest against MLA at Makum in Digboi) ।
কেৱল মাত্ৰ আধাৰশিলাৰ ৰাজনীতিত ব্যস্ত থকা বিধায়কগৰাকীয়ে ৰাইজৰ প্ৰশ্নবানত দিক-বিদিক হেৰুৱাই প্ৰথম অৱস্থাত ৰাইজৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হয় । পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে বিধায়কগৰাকীৰ সন্মুখতে সুৰেন ফুকন মুৰ্দাবাদ, সুৰেন ফুকনৰ কাম নাই, বিজেপি গ' বেগ ইত্যাদি ধ্বনিৰে অঞ্চলটো কঁপাই তোলাৰ লগতে বিধায়কগৰাকীক বেতজান চাহ বাগিচাৰ পৰা পহুখেদা দিয়ে । লগতে উক্ত ঘটনাত ৰাজনীতিৰ ৰহন নাসানি বেতজানবাসীৰ প্ৰত্য়ক্ষ উন্নয়নত গুৰুত্ব দিবলৈ ৰাইজে চৰকাৰক দাবী জনাই (Public demand for construction road)। যদিহে চৰকাৰে ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত নিৰ্বাচনত ইয়াৰ প্ৰত্য়ুত্তৰ দিব বুলি সকীয়াই দিয়ে বেতজানবাসী ৰাইজে ।