তিনিচুকীয়া,15 মাৰ্চ: দেওবাৰে সদৌ মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ভাস্কৰ বৰুৱাক কেন্দ্ৰীয় সমিতিয়ে সংগঠনৰ পৰা বহিস্কাৰ কৰিছিল বুলি এক ৱেব প’ৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছিল ৷ কেন্দ্ৰীয় সমিতিয়ে অভিযোগ কৰিছিল যে, ভাস্কৰ বৰুৱাই গ্ৰাম্য অঞ্চলৰ সহজ সৰল নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰিৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল ৷ সেয়েহে তেওঁক মটক ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰাও বহিস্কাৰ কৰিছিল ৷
কিন্ত আজি তিনিচুকীয়াত সদৌ মটক ছাত্ৰ সন্থাই এক সংবাদমেল আয়োজন কৰি ভাস্কৰ বৰুৱাৰ ওপৰত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা যোগল বৰুৱাই ভুৱা অভিযোগ আনিছে বুলি মন্তব্য কৰে ৷ লগতে কয় যে, যোগল বৰুৱাক কেইবামাহৰ আগতে সদৌ মটক ছাত্ৰ সন্থাৰ উপদেষ্টা পদৰ পৰা বহিস্কাৰ কৰা হৈছে গতিকে তেওঁৰ অভিযোগৰ কোনো ধৰণৰ গুৰুত্ব নাই ৷
উক্ত সংবাদমেলত উপস্থিত থাকে সদৌ মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি দলিল চেতিয়া, সহকাৰী সাধাৰণ সম্পাদক সুলভজ্যোতি শইকীয়াকে ধৰি কেইবাগৰাকীও জিলা সমিতিৰ সদস্য ৷
উল্লেখ্য যে, সদৌ মটক ছাত্ৰ সন্থাৰ মাজত আভ্যন্তৰীণ বিবাদ বহু দিনৰ পৰাই চলি আহিছে ৷ একাংশৰ অভিযোগ যে, মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাক মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ কৰা হৈছে আৰু আন একাংশৰ অভিযোগ যে, সদৌ মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিৰেন শইকীয়াক সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছে ৷
লগতে পঢ়ক : অখিল গগৈৰ মাতৃক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ