ETV Bharat / state

মৃত প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া - pregnant Pramila shatty died

30 জুনত তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হ'ম নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰমিলা ছেত্ৰী নামৰ এগৰাকী প্ৰসূতিয়ে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । ব্যক্তিগত চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ বাবেই ফিল'বাৰীৰ বৰগাঁও নিবাসী শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী(২৯) ৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

Tinsukia
মৃত প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া
author img

By

Published : Jul 11, 2020, 10:51 AM IST

তিনিচুকীয়া, 11 জুলাই : ভুল চিকিৎসাৰ ফলত অকাল মৃত্যুক সাৱতি লোৱা ফিল'বাৰীৰ প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত হ'ল গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া । অভিযুক্ত চিকিৎসক ডা. প্ৰকাশ গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে ন্যায়িক তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ওঝা নাৰ্চিং হোম বন্ধ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে সংগঠনটোৱে ৷

লগতে পঢ়কঃ অৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই

দৰাচলতে ঘটনা সন্দৰ্ভত, 30 জুনত তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হ'ম নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰমিলা ছেত্ৰী নামৰ এগৰাকী প্ৰসূতিয়ে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । ব্যক্তিগত চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ বাবেই ফিল'বাৰীৰ বৰগাঁও নিবাসী শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী(২৯) ৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ইফালে প্ৰসূতিগৰাকী ঘৰৰ পৰা সোঁ-শৰীৰেই ডুমডুমাৰ ওঝা নাৰ্চিং হ'ম নামৰ চিকিৎসালয়খনত ভৰ্তি হৈছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতেই প্ৰমীলা ছেত্ৰীৰ মৃত্যু হয় ৷ সেয়ে চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাক প্ৰমিলাৰ মৃত্যুৰ বাবে জগৰীয়া কৰে পৰিয়ালৰ লোকে ৷ ভুল চিকিৎসাৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে চিকিৎসকজনৰ বিৰুদ্ধে ।

তিনিচুকীয়া

শুকুৰবাৰে প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ ফিল'বাৰী বৰগাঁওস্থিত বাসগৃহত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ এটা দল উপস্থিত হয় । উপস্থিত আটাইকেইটা সংগঠনৰ বিষয় ববীয়াই অভিযুক্ত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্চিং হোমৰ বিৰুদ্ধে প্ৰশাসনে উচিত তদন্তৰে দোষীক চিনাক্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । অন্যহাতে প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ তিনি বছৰীয়া কন্যা শিশুগৰাকীৰ ভৱিষ্যত সুৰক্ষাৰ লগতে শিশুটিৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক আহ্বান জনাই সংগঠনসমূহে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.