ETV Bharat / state

ডিগবৈত নিচাযুক্ত ড্ৰাগছ ভাং আৰু নগদ ধন সহ তিনিজন লোকক আটক

ডিগবৈ চাৰিআলিত আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ, ভাং , নগদ ১ লাখ ৮০ হাজাৰ টকাসহ আটক কৰিলে তিনিজন লোকক ৷ ধৃত লোক কেইজনে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি সমাজৰ এচাম যুৱ প্ৰজন্মৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ লগতে সমগ্ৰ ডিগবৈ চহৰখনতেই সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছিল ৷

author img

By

Published : May 25, 2021, 11:48 AM IST

police-arrested-3-person-with-drugs-weed-and-mone
ডিগবৈত নিচাযুক্ত ড্ৰাগছ ভাং আৰু নগদ ধন সহ তিনিজন লোকক আটক

তিনিচুকীয়া, 25 মে’ : সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিসিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰ দিশে গতি কৰাইছে৷ ঠিক সেই সময়তে ,গোপন সূত্ৰৰ পম দেখি দুলীয়াজান আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ডিগবৈ আৰক্ষীৰ অ চি নিকুঞ্জ বৰ্মনৰ সহযোগত মঙলবাৰে পুৱাৰ সময়তে ডিগবৈ চাৰিআলি পুলিচ পয়ন্টৰ সমীপত ৰে’ল কৰ্চিঙৰ কাষৰ চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৫ কিঃগ্ৰাঃ ভাং,৭৫ টা চিচি ভৰ্ত্তি ড্ৰাগছ আৰু নগদ ১ লাখ ৮০ হাজাৰ টকা জব্দ কৰাৰ লগতে বাসগৃহটোৰ গৰাকী চায়ৰা বেগম ,পুস্কি আলি আৰু শান্তনু বৰা নামৰ তিনিজন লোকক আটক কৰি দুলীয়াজান আৰক্ষী থানালৈ লৈ যায় ৷

আৰক্ষী বিষয়াজনে অৱগত কৰা অনুসৰি ,গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সোমবাৰেও চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল যদিও বাসগৃহৰ লোকসকলে পলায়ন কৰিবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত মঙলবাৰে পুৱাই পুনৰ অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা অনুসৰি, আটকাধীন চায়ৰা বেগম সহ পুত্ৰ ৰাজ আলিয়ে বিগত বহু বছৰৰ পৰা বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি সমাজৰ এচাম যুৱ প্ৰজন্মৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ লগতে সমগ্ৰ ডিগবৈ চহৰখনতেই সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছিল ৷

ইতিমধ্যে, ডিগবৈত কেইবাজনো যুৱকে ড্ৰাগছ সেৱন কৰি মৃত্যুক সাবটিব লগা হৈছে । কিন্তু উল্লেখ্য বিষয় যে, ডিগবৈ চহৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে ডিগবৈ আৰক্ষী প্ৰশাসনক বাৰম্বাৰ অভিযোগ কৰি অহাৰ পাচতো উক্ত ঘাটি উৎখাত কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে দুলীয়াজান আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হোৱাক লৈ ডিগবৈৰ সচেতন ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.