ETV Bharat / state

পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ - Kakpathar development block

কৃষক সন্মান নিধিৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ তিনিচুকীয়াৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সমগ্ৰ কাণ্ডত পঞ্চায়ত সভানেত্ৰী জড়িতৰ সন্দেহ ৷

PMAY G corruption dumduma tinsukia assam etv bharat news
প্ৰধানমন্ত্ৰী আৱাস যোজনা
author img

By

Published : May 9, 2020, 1:34 PM IST

ডুমডুমা,9 মে’ঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ পঞ্চায়তখনৰ অন্তৰ্গত ১০নং ৱাৰ্ডৰ নন কোঁ‌ৱৰ নামৰ হিতাধিকাৰীগৰাকীক পঞ্চায়তৰ বিষয়ববীয়াই প্ৰলোভন দি গৃহ নিৰ্মাণ নকৰাকৈ ধন মুকলিৰে বহু টকা আত্মসাৎ কৰে বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পঞ্চায়তৰ বিষয়ববীয়া সকলে ভুৱা জিঅ’টেকৰ সহায়ত ফটো ব্যৱহাৰ কৰি দ্বিতীয় কিস্তিৰ ধন মুকলি কৰিবলৈ সুযোগ প্ৰদানৰ লগতে হিতাধিকাৰীৰ পৰা প্ৰায় 40,000 হাজাৰ টকা আত্মসাৎ কৰাৰ সম্প্ৰতি অভিযোগ উত্থাপন হৈছে ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা

আনহাতে, পঞ্চায়ত সভানেত্ৰীকে ধৰি একাংশ বিষয়ববীয়াই হিতাধিকাৰীসকলৰ পকীঘৰ থকা বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ নকৰাকৈ অন্য ঘৰৰ ফটো তুলি ধন অনুমোদন কৰাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে ৷ লগতে হিতাধিকাৰীৰ পৰা আবণ্টিত ধনৰ ৪০ হাজাৰ টকা পঞ্চায়তৰ সভানেত্ৰীয়ে আদায় কৰে ৷ ইপিনে, কাকপথাৰ উন্নয়ন খণ্ডৰ কৰ্তব্যৰত বিষয়া নিৰ্দিষ্ট অঞ্চলত উপস্থিত হৈ বিষয়টো তদন্ত কৰাত দুৰ্নীতি ঢাকিবলৈ উঠি পৰি লাগিছে পঞ্চায়ত সভানেত্ৰীকে ধৰি দুৰ্নীতিত জড়িত বিষয়ববীয়াসকলে ।

লগতে চাওকঃ লক্ ডাউনৰ সময়ত তীব্ৰ খাদ্য সংকটত ভুগিছে নলবাৰীৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.