ডুমডুমা,8 ফেব্ৰুৱাৰীঃ বুধবাৰে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইমথেমত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিয়লি উত্তপ্ত হৈ পৰে পেঙেৰী আৰক্ষী থানা ৷ পেঙেৰী অঞ্চলৰ শতাধিক মহিলাই থানা চৌহদত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ৷ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বুধেশ্বৰ গগৈ নামৰ ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু,ধৰ্ষণ কাণ্ডটোৰ অন্যতম অভিযুক্ত গোলাপ গগৈক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয় যদিও কাণ্ডটোৰ লগত জড়িত আন অভিযুক্তসকল বৰ্তমান পলাতক অৱস্থাত আছে ৷ ধৰ্ষণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিবলৈ আৰক্ষীক দাবী জনায় অঞ্চলটোৰ শতাধিক মহিলাই ৷
উল্লেখ্য যে,বুধবাৰে নিশা ভাওনাৰ আখৰাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়তে একাংশ লোকৰ কামনাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল ৪৫ বছৰীয়া মহিলাগৰাকীয়ে । ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ পেঙেৰী অঞ্চলত বৰ্তমান তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷