গুৱাহাটী আৰু তিনিচুকীয়া, 18 মে': ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কভিড -19 ভাইৰাছে ৷ ইতিমধ্যেই শতকৰ ঘৰ অতিক্ৰম কৰিছে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৷ ইয়াৰ মাজতে সোমবাৰে মৃত্যু মুখত পৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা তিনিচুকীয়া জিলাৰ গুইজান অশোক নগৰৰ আৱাসী গোপীন্দ্ৰ চন্দ্ৰ মালাকৰ নামৰ এজন 71 বছৰীয়া ৰোগীৰ ৷ ইয়াৰ লগে লগে অসমত 3 জনলৈ বৃদ্ধি পালে কভিড -19 ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৷
উল্লেখ্য যে, কৰ্কট ৰোগত আক্ৰান্ত লোকজনক কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে মুম্বাইলৈ নিছিল পৰিয়ালৰ লোকে ৷ চিকিৎসাৰ পাছত বিশেষ বাছযোগে গুৱাহাটীত উপস্থিত হৈছিল লোকজন ৷ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত লোক জনৰ দেহত কভিড-19 পচিটিভ বুলি নিশ্চিত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসা প্ৰদান কৰা হৈছিল ৷ কিন্তু তেওঁৰ পত্নী আৰু পুত্ৰৰ গাত ধৰা পৰা নাছিল কভিড -19 ৰ কোনো লক্ষণ ৷ লোকজনৰ মৃত্যু হোৱাৰ পাছত তেঁওৰ পুত্ৰ আৰু পত্নীকো ইতিমধ্যে কভিড টেষ্টৰ বাবে মহেন্দ্ৰ মোহন চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ৷ ইফালে ব্যক্তিজনৰ পত্নী-পুত্ৰ বৰ্তমান গুৱাহাটীত কোৱাৰেন্টাইনত থকাৰ বাবে খালী হৈ আছে তিনিচুকীয়াৰ গুইজানস্থিত ঘৰখন ৷