তিনিচুকীয়া,15 মেঃ তিনিচুকীয়াত কৰ'ণা পজিটিভ এজন লোক । আক্ৰান্ত ব্যক্তিজন ইতিমধ্যে জি এম চি এইছত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকজন পত্নী আৰু পুত্ৰৰ সৈতে মুম্বাইৰ টাটা মেম'ৰিয়েল হাস্পতালত চিকিৎসাৰ বাবে গৈছিল । ১২ মে’ত তিনিওজনকে প্ৰশাসন তথা স্বাস্থ্য বিভাগে হোটেল ৰেডিচন ব্লুত কোৱাৰেন্টাইনত ৰাখে । ইয়াৰ পিছতে তেঁওলোকৰ স্বাস্থ্য পৰীক্ষা কৰাত লোকজন কোভিড 19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায় । ইয়াৰ বিপৰীতে তেখেতৰ পত্নী আৰু পুত্ৰৰ টেষ্ট নিগেটিভ ওলায় ।
লগতে পঢ়ক-কোভিড-19: ভাৰতৰ ৰাজ্য সমূহৰ শেহতীয়া তথ্য