ETV Bharat / state

শদিয়াৰ সমস্যাৰাজিক লৈ ঐক্য মঞ্চৰ সংবাদমেল

author img

By

Published : Oct 19, 2020, 1:15 PM IST

সোমবাৰে ধলা ছৈখোৱা বন বিভাগৰ আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন ঐক্য মঞ্চৰ ৷ সমষ্টিটোৰ জলন্ত সমস্যাৰাজিৰ ওপৰত এখন ৰাইজমেল আহ্বান কৰে যদিও প্ৰশাসনে ৰাইজমেলখন অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰাৰ বাবে ৰাইজে আহ্বান কৰা ঐক্য মঞ্চই সংবাদমেলযোগে সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ৷

Oikya Manch Pressmeet in Sadiya
ঐক্য মঞ্চৰ সংবাদমেল

শদিয়া,19 অক্টোবৰ : শদিয়াৰ ছৈখোৱাত ৰাইজমেল অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়াৰ বাবে সোমবাৰে ধলা ছৈখোৱা বন বিভাগৰ আৱৰ্ত ভৱনত সংবাদমেল অনুষ্ঠিত কৰে ঐক্য মঞ্চই ৷ সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাক লৈ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ভুক্তভোগী ৰাইজে বিধায়ক বলিন চেতিয়াৰ ওপৰত আস্থা হেৰুৱাই শদিয়া সমষ্টি উন্নয়নৰ স্বাৰ্থত অৱশেষত গঠন কৰে ঐক্য মঞ্চ আৰু এই ঐক্য মঞ্চই সমষ্টিটোৰ জলন্ত সমস্যাৰাজিৰ ওপৰত এখন ৰাইজমেল আহ্বান কৰে যদিও ৰাইজমেলখন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে ৷

Oikya Manch Pressmeet in Sadiya
ঐক্য মঞ্চৰ সংবাদমেল

ঐক্য মঞ্চৰ অভিযোগ অনুসৰি,বিধায়ক বলিন চেতিয়াৰ লগতে বিজেপিৰ হেঁচাৰ বাবে প্ৰশাসনে ৰাইজমেল অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান নকৰিলে,যাৰ বাবে ৰাইজমেল প্ৰত্যাহাৰ কৰি ছৈখোৱাস্থিত বন বিভাগৰ আৱৰ্ত ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয় ৷ সংবাদমেলত সমষ্টিটোৰ বিভিন্ন সমস্যাসমুহ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে ঐক্য মঞ্চই ৷

উক্ত সমস্যাসমূহৰ ভিতৰত আছে- ডিব্ৰু শদিয়া ৰে’ল লাইনৰ হৈ মাত নমতা,ডিব্ৰু ছৈখোৱা,বান খহনীয়া সমস্যা,কুণ্ডিল,নদিহিং,ব্ৰক্ষ্মপুত্ৰ নদীক লৈ সমস্যা,ভুপেন হাজৰিকা সেঁতুৰ কাষত খহনীয়া,ছৈখোৱা অঞ্চলত এটা গেছ এজেন্সী নাই,ছাত্ৰী নিবাসৰ কাম আধাৰুৱা,শদিয়া চিকিৎসালয়ৰ সমস্যা,100খন বিচনাযুক্ত চিকিৎসালয় আৰম্ভ নহ’ল আদি ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.