ETV Bharat / state

ডুমডুমাত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUIৰ যোগদান কাৰ্যসূচী - কংগ্ৰেছ

ডুমডুমা সমষ্টিত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUI য়ে ডুমডুমাত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰে |ডুমডুমা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় শতাধিক যুৱক-যুৱতীসকলে NSUI ত যোগদান কৰে ৷

AS_DDM_01_NSUI_JOINING_PPROGRAME_AT_ DOOMDOOMA_VIS_ASC10048
ডুমডুমাত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUI ৰ যোগদান কাৰ্যসূচীডুমডুমাত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUI ৰ যোগদান কাৰ্যসূচী
author img

By

Published : Nov 11, 2020, 8:24 AM IST

ডুমডুমা,11নৱেম্বৰ: আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ডুমডুমা সমষ্টিত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰে অংশ হিচাপে মংগলবাৰে কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUI য়ে ডুমডুমাত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰে । কাকপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আৰু ডুমডুমা NSUIৰ উদ্যোগত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত ডুমডুমা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় শতাধিক যুৱক-যুৱতীসকলে NSUIত যোগদান কৰে ।

ডুমডুমাত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUI ৰ যোগদান কাৰ্যসূচী

যোগদান কাৰ্যসূচীত NSUIৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অনুশেষ শৰ্মা উপস্থিত থাকি ২০২১ৰ অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে পুনৰ ক্ষমতালৈ আহিব বুলি উল্লেখ কৰাৰ লগতে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে যুৱ প্ৰজন্মৰ ক্ষোভে তীব্ৰ ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰে । ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক জয়যুক্ত কৰাবলৈ NSUIয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও অনুশেষ শৰ্মাই উল্লেখ কৰে । সভাত ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ লগতে NSUI ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত NDA য়ে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.