ETV Bharat / state

মাৰ্ঘেৰিটাত নাৰ্চিংহোমৰ আৱৰ্জনাৰ মাজত উদ্ধাৰ নৱজাত শিশুৰ মৃতদেহ - কুকুৰে ভক্ষণ কৰিবলৈ লোৱা অৱস্থাত প্ৰত্যক্ষ মৃতদেহ

মাৰ্ঘেৰিটাত নাৰ্চিংহোমৰ আৱৰ্জনাৰ মাজত উদ্ধাৰ নৱজাত শিশুৰ মৃতদেহ ৷ কুকুৰে ভক্ষণ কৰিবলৈ লোৱা অৱস্থাত প্ৰত্যক্ষ মৃতদেহটি ।

মাৰ্ঘেৰিটাত নাৰ্চিংহোমৰ আৱৰ্জনাৰ মাজত উদ্ধাৰ নৱজাত শিশুৰ মৃতদেহ
নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Nov 27, 2020, 5:23 PM IST

মাৰ্ঘেৰিটা, 27 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা । ডাঃ মোবাৰক আলী মালিকাধীন মোনাফ মেম'ৰিয়েল নাৰ্চিংহোমৰ আৱৰ্জনা পেলোৱা স্থানত উদ্ধাৰ সদ্যজাত মৃত শিশু । কুকুৰে ভক্ষণ কৰিবলৈ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰা হয় মৃতদেহটি । পৰৱৰ্তী সময়ত নাৰ্চিংহোমখনৰ কৰ্মচাৰীয়ে উক্ত আৱৰ্জনা পেলোৱা স্থানতে পুতি পেলায় শিশুটিৰ মৃতদেহ ৷

নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ এটি দম্পত্তীৰ বৃহস্পতিবাৰে নিশা জন্ম হৈছিল মৃত শিশুটি ৷ নাৰ্চিংহোমখনৰ কৰ্মচাৰীক শিশুটি সমাধিস্থ কৰিবলৈ দিয়া হৈছিল যদিও জাবৰ-জোথৰ পেলোৱা স্থানত পেলাই থৈ যোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হয় । গুৰুত্বপূৰ্ণ কথা - এইদৰে নাৰ্চিংহোমৰ চৌহদতে মৃতদেহ সৎকাৰ কৰাৰ অনুমতি আছেনে ?? এইদৰে নীতি বিৰুদ্ধ কাম কৰি অহা এনে নাৰ্চিং হোমৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : দুই ভাতৃৰ চুৰিকাঘাতত আহত ব্যৱসায়ী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.