ETV Bharat / state

ডুমডুমাত পঞ্চায়ত সদস্যক নৃশংস হত্যা - দৈমুখীয়া গাওঁ পঞ্চায়ত

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দৈমুখীয়া গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যক নৃশংস হত্যা ৷ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিধায়কসহ শতাধিক জনতাৰ উত্তাল প্ৰতিবাদ ৷

Murder of GP Member in Dumduma tinsukia assam etv bharat news
পঞ্চায়ত সদস্যক নৃশংস হত্যা
author img

By

Published : Sep 13, 2020, 12:11 PM IST

Updated : Sep 13, 2020, 12:21 PM IST

ডুমডুমা,13 ছেপ্তেম্বৰ: তিনিচুকীয়াৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৈমুখীয়া গাওঁ পঞ্চায়তৰ এগৰাকী সদস্যক নৃশংস হত্যা ৷ হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ বিগত ১০ ছেপ্তেম্বৰত সমষ্টিটোৰ দৈমুখীয়া গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য তথা ফটিকজান চাহ বাগিচা নিবাসী গান্ধী মুণ্ডাক প্ৰায় ১৬/১৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰি মুমুৰ্ষ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যায় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে মুণ্ডাক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ যো-জা চলায় যদিও ৩০ বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যু ঘটে ৷ এগৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত মুণ্ডাৰ মৃতদেহ ডুমডুমাৰ ৰাজীৱ ভৱনলৈ নি জ্ঞাপন কৰা হয় শেষ শ্ৰদ্ধা ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত ৰাইজে এই হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ লগতে প্ৰতিবাদকাৰী সকলে এক সমদল বাহিৰ কৰি উপস্থিত হয়গৈ ডুমডুমা আৰক্ষী চকীত ৷ এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰে স্থানীয় বিধায়ক দুৰ্গা ভূমিজে ৷

পঞ্চায়ত সদস্যক নৃশংস হত্যা

উল্লেখ্য যে,হত্যাকাণ্ডটোৰ লগত জড়িতৰ সন্দেহত 6 গৰাকী ব্যক্তিক আটক কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ ৷ বৰ্তমানলৈকে এই কাণ্ডত জড়িত আৰু কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

ইফালে বিধায়ক দুৰ্গা ভূমিজে এই হত্যাকাণ্ডৰ ঘটনাত এটা ছাত্ৰ সংগঠনৰ এগৰাকী নেতা জড়িত থকাৰ কথা প্ৰকাশ কৰে ৷ বিধায়কগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ছাত্ৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল যদিও ছাত্ৰ সংগঠনটোৰ তীব্ৰ হেঁচাৰ ফলত নেতাগৰাকীক এৰি দিবলৈ আৰক্ষীয়ে বাধ্য হোৱা বুলি অন্য এক অভিযোগ উত্থাপন কৰিছে বিধায়ক দুৰ্গা ভূমিজে ৷ বিছাকপিৰ ফটিকজানত থকা এটা বালি মহলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হোৱা সংঘাতৰ ফলতেই এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উচিত তদন্ত দাবী ৰাইজৰ

লগতে চাওকঃ অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল

Last Updated : Sep 13, 2020, 12:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.