ETV Bharat / state

পেঙেৰীৰ দুৱাৰমৰা চাহ বাগিচাত সংঘটিত নৃশংস হত্যাকাণ্ড

author img

By

Published : Mar 10, 2020, 11:46 PM IST

বিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰি আহিছে তিনিচুকীয়াৰ পেঙেৰীৰ ঘটনাসমূহে ৷ এটাৰ পিছত এটাকৈ অপৰাধমূলক ঘটনা সংঘটিত হৈ আছে পেঙেৰীত ৷

Muder at pengeri tea estate 10 no line tinsukia assam etv bharat crime news
নৃশংস হত্যাকাণ্ড

ডুমডুমা,10 মাৰ্চঃ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৱাৰমৰা চাহ বাগিচাত সোমবাৰে নিশা এজন ব্যক্তিক হানি-খুঁচি নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই ৷ উক্ত জঘন্য ঘটনাটো সংঘটিত হয় দুৱাৰমৰা চাহ বাগিচাৰ ১০নং লাইনত ৷ ফাকুৱা উপলক্ষে আয়োজিত নৃত্য- গীতৰ অনুষ্ঠান উপভোগ কৰি থকা সময়তে নিগু গোৱালা(২১) নামৰ এজন লোকে বিশাল ওৰাং(২৫) নামৰ লোকজনক দুৱাৰমৰা বনাঞ্চললৈ মাতি নি হত্যা কৰি বনাঞ্চলৰ মাজত পেলাই থয় । ঘটনাৰ বলি হোৱা ব্যক্তিজন হত্যাকাৰীৰ সম্পৰ্কত ভনী জোঁৱাই বুলি জানিব পৰা গৈছে ৷

নৃশংস হত্যাকাণ্ড

ইপিনে,মঙলবাৰৰ পুৱা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত পেঙেৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ৰাইজৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত নিগু গোৱালাক আটক কৰিছে । স্থানীয় ৰাইজ তথা পৰিয়ালে হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী জনাইছে ৷

লগতে চাওকঃশিৱসাগৰত ফাকুৱাৰ ব্যাপক উচাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.