ETV Bharat / state

Fire Breakout: বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মাতৃ-পুত্ৰ

দেওবাৰে নিশা তিনিচুকীয়াৰ পানীতোলাৰ বেতিয়নীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Mother son died in devastating fire) ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় এটি কণমানি সন্তানসহ মাতৃ ৷

বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মাতৃ-পুত্ৰ

author img

By

Published : Dec 26, 2022, 9:43 AM IST

Updated : Dec 26, 2022, 1:47 PM IST

বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মাতৃ-পুত্ৰ

মৰাণ, 26 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ পানীতোলাৰ বেতিয়নীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় (Devastating fire at Panitola)৷ দেওবাৰে নিশা প্ৰায় ৯ বজাত বেতিয়নীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত এটি শিশুসহ মাতৃ জীৱন্তে অগ্নিদগ্ধ হয় (Mother son died in devastating fire)৷

নিজ বাসগৃহত নিশা শুই থকা অৱস্থাত জুইৰ সূত্ৰপাত হোৱাত পুনম গোৱালা(২২), পুত্ৰ ৰমেশ গোৱালা (১৮ মাহ)ক জুইয়ে আঁৱৰি ধৰাত অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয় দুই মাতৃ-পুত্ৰৰ ৷

লগে লগে স্থানীয়ে লোকে অগ্নিকাণ্ড ভয়াবহ হোৱা দেখি স্থানীয় আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহীনিক খবৰ কৰে ৷ যদিও ঘটনাস্থলীত আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বে জুইত ভস্মীভূত হয় সম্পূৰ্ণ বাসগৃহটো ৷ অৱশ্যে অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল এতিয়ালৈ তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, সকলোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি গণেশে পথৰ ফালে উলাই যোৱাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ডটো ৷ স্থানীয় লোকে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও অগ্নিয়ে ইমানে বিধ্বংসী ৰূপ লয় যে নিমিষতে সকলো চাৰখাৰ কৰি পেলায় ৷

আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে (Police investigation on Fire incident) ৷ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Eviction drive in Baghbar: বাঘবৰত উচ্ছেদৰ সময়ত প্ৰতিবাদ কৰি আটক বিধায়ক শ্বেৰমান আলী আহমেদ

Last Updated : Dec 26, 2022, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.