তিনিচুকীয়া, আগষ্ট 31 : কংগ্ৰেছৰ সময়তে আৰম্ভ হোৱা এন আৰ চি প্ৰক্ৰিয়াক লৈ গৰ্বিত ৰূপজ্যোতি কুৰ্মী ৷ প্ৰকৃত ভাৰতীয়সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰ তথা উচ্চতম ন্যায়ালয়ক আহ্বান বিধায়কগৰাকীৰ ৷ ৰাজ্যত থকা বিদেশী চিনাক্ত কৰি অসমৰ পৰা বিদেশী নিৰ্মূল কৰি জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান ৰূপজ্যোতি কুৰ্মীৰ ৷ এন আৰ চি প্ৰক্ৰিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস বুলি জনালে বিধায়কগৰাকীয়ে ৷
ইয়াৰ লগতে তেওঁ কয় যে, চৰকাৰে বিদেশী অনাৰ বাবে ক'ৰবাত এটি সুৰুঙা ৰাখি থৈছে ৷ চৰকাৰে এক প্ৰকাৰৰ হিটলাৰী শাসন চলাইছে, য'ত চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ৷ আনহাতে, সদৌ অসম ছাত্ৰ সন্থাক কৃতজ্ঞতা জনালে ৰূপজ্যোতি কুৰ্মীয়ে ৷