ETV Bharat / state

বিজেপিত যোগদান কৰা সকল সুবিধাবাদী, দুৰ্নীতি পৰায়ণ, কেলেংকাৰীত জড়িত: বিধায়ক দুৰ্গা ভুমিজ - etv bharat assam

কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা সকল সুবিধাবাদী, দুৰ্নীতি পৰায়ণ আখ্যা কংগ্ৰেছ বিধায়ক দুৰ্গা ভুমিজৰ ৷ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা বিধায়ক গৰাকীৰ ৷

বিজেপিত যোগদান কৰা সকল সুবিধাবাদী, দুৰ্নীতি পৰায়ণ, কেলেংকাৰীত জড়িত: বিধায়ক দুৰ্গা ভুমিজ
author img

By

Published : Sep 5, 2019, 10:36 PM IST

শদিয়া, 5 ছেপ্টেম্বৰ: কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ কৰ্মী সকলৰ বিৰুদ্ধে সৰব ডুমডুমা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভুমিজ ৷
কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা সকল সুবিধাবাদী, দুৰ্নীতি পৰায়ণ, বিভিন্ন কেলেংকাৰীত জড়িত হোৱাৰ বাবে তদন্তৰ পৰা হাত সাৰিবলৈ বিজেপিত যোগদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ডুমডুমা সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ কংগ্ৰেছৰ 9 জন কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰিক একেমুখে অস্বীকাৰ বিধায়ক দুৰ্গা ভুমিজৰ ৷ কোনো কাৰণ নোহোৱাকৈ একাংশ বিজেপিৰ নেতাৰে লালিত পালিত একাংশ সংবাদ মাধ্যমে তৃণমুলৰ কংগ্ৰেছ কৰ্মী সকলৰ মনোবল ভাঙিবলৈ এনে ধৰণৰ ভূৱা বাতৰিৰ আশ্ৰয় লৈছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ তেওঁ বৰ্তমানেও কংগ্ৰেছ আৰু ভৱিষ্যতেও কংগ্ৰেছ দলতে থাকিব বুলিও স্পষ্ট কৰি দিয়ে ৷ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে, লুইজ বাৰ্গাৰ, সাৰদা আদিৰ দৰে কেলেংকাৰী পৰা হাত সাৰিবলৈ নেতা গৰাকীয়ে বিজেপিত যোগদান কৰিছে ৷ যদি চৰকাৰৰ সৎ সাহস আছে তেন্তে এইসকল নেতাৰ বিৰুদ্ধে থকা দু্ৰ্নীতি, কেলেংকাৰীৰ তদন্ত কৰক তেতিয়াহে বুজিম বৰ্তমান শাসনাধিস্থ চৰকাৰ খন নিকা আৰু দুৰ্নীতি বিৰোধী এখন চৰকাৰ ৷

Intro:কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা সকলক সুূবিধাবাদী, দুৰ্নীতি পৰায়ন আক্ষ্যা বিধায়ক দুৰ্গা ভুমিজৰ : হিমন্ত বিশ্ব শৰ্মাকো থকা সৰকা বিধায়কগৰাকীৰ

শদিয়া : ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ কৰ্মী সকলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ডুমডুমা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভুমিজ ৷ তেওঁলোকক সুবিধাবাদী, দুৰ্নীতি পৰায়ন, বিভিন্ন কেলেংকাৰীত জড়িত হোৱাৰ বাবে তদন্তৰ পৰা হাত সাৰিবলৈ তেওঁলোকে বিজেপিত যোগদান কৰিছে বুলি ক্ষুভ ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷ তেওঁৰ লগতে কংগ্ৰেছৰ ৯জন প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰিক একেমুখে অশ্বীকাৰ কৰি বিধায়ক গৰাকীয়ে কয় যে "তেওঁলোকে কাৰুবাৰ আগত ক'ব লাগিব, তেওঁলোকক কোনো বিজেপি নেতাই যোগদান কৰিবলৈ ক'ব লাগিব" তেতিয়া এনে বাতৰি উলোৱাটো সাধাৰণ ৷ কিন্টু কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ একাংশ বিজেপিৰ নেতাৰে লালিত পালিত একাংশ সংবাদ মাধ্যমে তৃণমুলৰ কংগ্ৰেছ কৰ্মী সকলৰ মনোবল ভাঙিবলৈ এনে ধৰণৰ ভোৱা বাতৰিৰ আশ্ৰয় লৈছে বুলি জানিবলৈ দিয়ে ৷ তেওঁ বৰ্তমানো কংগ্ৰেছ আৰু ভৱিষ্যতেও কংগ্ৰেছৰে হৈ থাকিব বুলিও স্পষ্ট কৰি দিয়ে ৷ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান বিজেপি চৰকাৰৰ চোপাৰ চি এম হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৌচ্ছাৰ হৈ পৰে কংগ্ৰেছী বিধায়ক দুৰ্গা ভুমিজ ৷ লুইজ বাৰ্গাৰ, সাৰদা আদিৰ দৰে কেলেংকাৰী পৰা বাছিবলৈ নেতা গৰাকীয়ে কংগ্ৰেছত যোগদান কৰিছিল বুলি ক্ষুভ ব্যক্ত কৰাৰ লগতে যদি চৰকাৰ সৎ সাহস আছে তেন্তে এইসকল নেতাৰ বিৰুদ্ধে থকা দু্ৰ্নীতি, কেলেংকাৰীৰ তদন্ত কৰাওক তেতিয়াহে বুজিম বিজেপি চৰকাৰখন নিকা আৰু দুৰ্নীতি বিৰুধী এখন চৰকাৰ বুলি মত প্ৰকাশ কৰে ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভুমিজে ৷Body:MLA DURGA BHUMIJConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.