ETV Bharat / state

নিৰাপত্তাৰক্ষীৰ বেহুৰ পৰাই পলায়ন কৰিলে চোৰাং কণ্ডেনচেট ভৰ্ত্তি বাহন - নিৰাপত্তাৰক্ষী

বিশেষ সূত্ৰৰ পম খেদি যজ্ঞোখোৱা গাঁৱত বাৰেকুৰি আৰক্ষী থানাৰ আৰক্ষী আৰু উদ্যোগিক নিৰাপত্তাৰক্ষীৰ এটা দ’লে এখন চোৰাং কণ্ডেনচেট ভৰ্ত্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় । কিন্ত, বাহনখন পৰৱৰ্তী সময়ত পলায়ন কৰিবলৈ সক্ষম বুলি জানিব পৰা গৈছে ৷

miscreants trying to steal oil condensate escape police net
নিৰাপত্তাৰক্ষীৰ বেহুৰ পৰাই পলায়ন কৰিলে চোৰাং কণ্ডেনচেট ভৰ্ত্তি বাহন
author img

By

Published : Oct 29, 2021, 7:42 PM IST

তিনিচুকীয়া, 29 অক্টোবৰ : তিনিচুকীয়া বাৰেকুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ বিশেষ সূত্ৰৰ পম খেদি যজ্ঞোখোৱা গাঁৱত বাৰেকুৰি আৰক্ষী থানাৰ আৰক্ষী আৰু উদ্যোগিক নিৰাপত্তাৰক্ষীৰ এটা দ’লে AS-23CC-5869 নম্বৰৰ এখন চোৰাং কণ্ডেনচেট ভৰ্ত্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী সময়ত সেই স্থানৰ পৰা উধাও হয় ৷

জানিব পৰা মতে, বাহনখন জব্দ কৰা সময়তে প্ৰায় শতাধিক লোকে দা, জোং- জাঠি, গোলটি আদি লৈ ওলাই আহে আৰু আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক ঘেৰাও কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷ ইয়াৰ লগে লগে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে অঞ্চলটোত ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি পাঁচজন যুৱকে কণ্ডেনচেট ভৰ্ত্তি বাহন লৈ পলায়ন কৰে ৷

নিৰাপত্তাৰক্ষীৰ বেহুৰ পৰাই পলায়ন কৰিলে চোৰাং কণ্ডেনচেট ভৰ্ত্তি বাহন

নিৰাপত্তাৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰে যদিও সফল নহ’ল ৷ বাহনখন ৰখাবলৈ বাহনৰ চকালৈ লক্ষ্য কৰি নিৰাপত্তাৰক্ষীৰ দলটোৱে ১২ জাই গুলী নিক্ষেপ কৰে ৷ নিৰাপত্তাৰক্ষীৰ গুলীত বাহনৰ চকাৰ ফুটে যদিও সেই স্থানৰ পৰা বাহনখন উধাও হয় ৷ ইফালে পলায়নৰ সময়ত বাহনখনৰ পৰা কণ্ডেনচেট ভৰ্ত্তি ৭ টাকৈ ড্ৰাম পথত পৰি ৰয় ৷

ইতিমধ্যে ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী থানাৰ আৰক্ষীৰ লগতে অইলৰ নিৰাপত্তা বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হৈ উধাও কৰা বাহনখনৰ লগতে এই ঘটনাৰ লগত জড়িত লোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.