ETV Bharat / state

বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Jun 12, 2020, 5:27 PM IST

Updated : Jun 12, 2020, 7:26 PM IST

বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক অইলৰ তৰফৰ পৰা এককালীনভাৱে ৩০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পৰৱৰ্তী সময়ত ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিপূৰণ দিয়া হ'ব বুলি ঘোষণা কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Minister Chandra mohan
চন্দ্ৰমোহন পাটোৱাৰী

তিনিচুকীয়া, 12জুন: বাঘজান কাণ্ড সন্দৰ্ভত তিনিচুকীয়াত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,কৃষি মন্ত্ৰী অতুল বৰা,মন্ত্ৰী সঞ্জয় কিষানসহ কেইবাগৰাকীও বিধায়ক ।

চন্দ্ৰমোহন পাটোৱাৰী
বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক অইলৰ তৰফৰ পৰা এককালীনভাৱে ৩০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পৰৱৰ্তী সময়ত ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিপূৰণ দিয়া হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। বাঘজান আৰু নতুন গাঁৱত সৃষ্টি হোৱা ভূ-কম্পন সম্পৰ্কে জিঅ'লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ চিলং স্থিত কাৰ্যালয়ক অনুসন্ধান কৰিবলৈ জনোৱা হৈছে বুলি সংবাদমেলৰ জৰিয়তে অৱগতে কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
চন্দ্ৰমোহন পাটোৱাৰী
আনহাতে বাঘজানৰ জুই নুমুৱাবলৈ ভাৰত চৰকাৰ,অসম চৰকাৰ,অইল,অ এন জি চি সকলোৱে একগোট হৈ কাম কৰিছে বুলিও সংবাদমেলত মন্তব্য মন্ত্ৰীগৰাকীয়ে । ইফালে ৰাছিয়াতো জুই লাগে বুলি কৰা বিতৰ্কিত মন্তব্য সম্পৰ্কত বাঘজানৰ উত্তেজিত ৰাইজক বুজনি দিয়াৰ বাবেহে মন্তব্য কৰা বুলি উল্লেখ কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ৷
চন্দ্ৰমোহন পাটোৱাৰী

লগতে পঢ়কঃ ৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল

Last Updated : Jun 12, 2020, 7:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.