ETV Bharat / state

Meeting in Tinsukia: আগন্তুক বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তিনিচুকীয়াত বৈঠক

author img

By

Published : Mar 29, 2023, 10:36 PM IST

বুধবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাৰিষাৰ সময়চোৱাত হ'বপৰা সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্য়োগত অনুষ্ঠিত হয় এখনি বৈঠক । জিলা উপায়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত আগন্তুক বান পৰিস্থিতিত কি কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্বত আলোচনা কৰা হয় (Meeting in Tinsukia to control flood situation) ।

Meeting in Tinsukia to control flood situation
আগন্তুক বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তিনিচুকীয়াত বৈঠক

তিনিচুকীয়া,২৯ মাৰ্চ: বুধবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাৰিষাৰ সময়চোৱাত হ'বপৰা সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্য়োগত অনুষ্ঠিত হয় এখনি বৈঠক (Meeting in Tinsukia) । জিলা উপায়ুক্ত স্বপ্নীল পালৰ(DC Swapnil Pal) সভাপতিত্বত অনুষ্ঠিত বৈঠকত সাম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰা হয় (Meeting in Tinsukia to control flood situation) ।

সভাৰ প্ৰাৰম্ভনিতে জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকলৰ পৰা পূৰ্বৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহৰ বিষয়ে সবিশেষ বুজ লয় । তেওঁ জিলাখনৰ বিভিন্ন স্থানত হোৱা গৰাখহনীয়াৰ বিষয়েও বিতংভাবে আলোচনা কৰে । তেখেতে জলসম্পদ বিভাগক ততাতৈয়াকৈ গৰাখহনীয়া প্ৰতিৰোধৰ(Prevention of erosion) বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ আহ্বান জনায় লগতে ৩০ এপ্ৰিলৰ ভিতৰত খহনীয়া প্ৰতিৰোধৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে(Flood in Assam) ।

সভাত উপস্থিত আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকলক বানপানীৰ সময়চোৱাত সষ্টম হৈ থাকিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । জিলা উপায়ুক্তগৰাকীয়ে বানপানীৰ সময়ছোৱাত ব্যৱহৃত আশ্ৰয় শিৱিৰসমূহত বিশুদ্ধ খোৱাপানীৰ লগতে খাদ্য তথা অন্যান্য সাহায্য সামগ্ৰীৰ পৰ্যাপ্ত পৰিমাণে যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে(Disaster Management Authority) ।

জিলা উপায়ুক্তই এই শিৱিৰসমূহত বিশুদ্ধ খোৱাপানী তথা বিজ্ঞানসন্মত অনাময়ৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ প্ৰদান । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি মজুত ৰখাৰ লগতে চিকিৎসকৰ দলসমূহক সষ্টম কৰি ৰাখিবলৈ আহ্বান জনায় । ইয়াৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগকো বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

বিদ্যুৎ বিভাগক বানপানীৰ সময়চোৱাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে বানৰ কবলত পৰা লোকসকলক তাৎক্ষণিকভাবে যাতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

উদ্ধাৰ অভিযানৰ বাবে পৰ্যাপ্ত সংখ্যক নাৱৰ ব্যৱস্থা, এছ.ডি.আৰ.এফ আৰু এন.ডি.আৰ.এফ দলৰ কৰণীয় সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয় । জিলা উপায়ুক্তই অনতিপলমে সংশ্লিষ্ট বিভাগসমূহক বানৰ প্ৰস্তুতি সন্দৰ্ভত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰুবী গগৈয়ে সভাত জিলাখনত বিগত বৰ্ষৰ বানত হোৱা ক্ষয়-ক্ষতি আৰু সাম্ভাব্য বানৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: HSLC paper leak : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মেট্ৰিকৰ নতুন প্ৰশ্নকাকত থানালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.